দুটা সন্তানৰ অধিক হ’লে নাপাব চৰকাৰী সুবিধা! কেন্দ্ৰীয় চৰকাৰে আনিব নতুন আইন

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:49 PM IST
দুটা সন্তানৰ অধিক হ’লে নাপাব চৰকাৰী সুবিধা! কেন্দ্ৰীয় চৰকাৰে আনিব নতুন আইন
ফাইল ফটোঃউৎস ইণ্টাৰনেট

দুটাতকৈ অধিক সন্তান জন্ম দিয়া পৰিয়ালে লাভ নকৰিব কৰ, নিয়োগ আৰু শিক্ষা ক্ষেত্ৰত চৰকাৰী সুবিধা।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:49 PM IST
  • Share this:
দুটা সন্তানৰ নীতি বাধ্যতামূলক কৰাৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ । এই নীতি কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছে সংবিধান (সংশোধনী) বিধেয়ক ২০২০ । সংবিধানৰ অনুচ্ছেদ ৪৭ ত আন এটা দফা ৪৭ (এ)ৰ সংযোজন ঘটাই চৰকাৰে আনিব এই আইন। যোৱা ৭ ফেব্ৰুৱাৰী তাৰিখে চৰকাৰে ৰাজ্যসভাৰ মজিয়াত উত্থাপন কৰিলে এই বিধেয়ক ।

এই নতুন আইন অনুসৰি চৰকাৰে সৰু পৰিয়াল পৰিকল্পনাক উৎসাহ জনোৱাৰ স্বাৰ্থত সেই সকল লোককহে কৰ, নিয়োগ, শিক্ষা আদিত চৰকাৰী সুবিধা প্ৰদান কৰিব যিসকলে দুটা সন্তানৰ জন্ম দিয়ে । জন বিস্ফোৰণ নিয়ন্ত্ৰণ কৰিবলৈ যি সকলে দুটাতকৈ অধিক সন্তান জন্ম দিয়ে তেওঁলোকক চৰকাৰী সুবিধা প্ৰদান কৰা নহব।
বিধেয়কখনৰ উদ্দেশ্য আৰু কাৰণ বাখ্যা কৰি কোৱা হৈছে ভাৰতবৰ্ষৰ জন বিস্ফোৰণে ভয়ানক ৰূপ লৈছে। ভাৰতৰ জনসংখ্যা যোৱা ৪০ বছৰত দুগুণ হৈছে।বৰ্তমানৰ দেশৰ জনসংখ্যা ১২৫ কোটিতকৈ অধিক যি ২০৫০ চনলৈ চীন দেশৰ জনসংখ্যাক অতিক্ৰম কৰিব।ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন মতে সমগ্ৰ বিশ্বতে ভাৰত, পাকিস্তান আৰু নাইজেৰিয়া জন-বিস্ফোৰণ সৰ্বাধিক। এনে ধৰণে চলি থাকিলে দেশৰ সীমিত সম্পদত অত্যাধিক বোজা পৰিব আৰু আহিবলগীয়া প্ৰজন্মই ভীষণ সংকটত ভুগিব।এনে পৰিস্থিতিত জনসংখ্যা নিয়ন্ত্ৰণৰ এখন আইনৰ প্ৰয়োজনীয়তা আহি পৰিছে।আৰু নাগৰিকক মাত্ৰ দুটা সন্তানতে সীমাবদ্ধ কৰি ৰাখিবলৈ এই আইন গৃহীত কৰা হ’ব।

অৱশ্যে সংবিধান সংশোধনী বিধেয়ক খন সংসদৰ উভয় সদনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব লাগিব আৰু অতি কমেও পঞ্চাশ শতাংশ ৰাজ্যৰ বিধান সভাত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব লাগিব । তাৰ পাছতহে বিধেয়কখন আইনলৈ ৰূপান্তৰ হব।
আৰু চাওক
পৰৱৰ্তী বাতৰি