7th Pay Commission: বৃদ্ধি পাব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা ! কিমান শতাংশকৈ বাঢ়িব DA, জানক সকলো ...

News18 Assam | News18-Assam
Updated:June 7, 2021, 5:22 PM IST
7th Pay Commission:  বৃদ্ধি পাব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা ! কিমান শতাংশকৈ বাঢ়িব DA, জানক সকলো ...
কৰ্মচাৰীসকলক বৰ্তমান ১৭ শতাংশ হাৰত ডি এ প্ৰদান কৰা হয়, আগলৈ ১১ৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

কৰ্মচাৰীসকলক বৰ্তমান ১৭ শতাংশ হাৰত ডি এ প্ৰদান কৰা হয়, আগলৈ ১১ৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

  • Share this:

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ (DA) সন্দৰ্ভত আহিছে ডাঙৰ খবৰ। অচিৰেই লাখ লাখ কৰ্মচাৰীয়ে বৰ্ধিত ডিএৰ উপহাৰ লাভ কৰিব। নেচনেল কাউন্সিল অৱ জইণ্ট কনছালটেটিভ মেচিনেৰীয়ে (National Council of Joint Consultative Machinery) এই মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহত কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলৰ সৈতে আলোচনা কৰাৰ সম্ভাৱনা আছে। এই আলোচনাত কৰ্মচাৰীসকলৰ ডিএ সন্দৰ্ভত আলোচনা কৰা হ'ব। বৈঠকত বিত্ত মন্ত্ৰালয়ৰ উপৰি ব্যক্তিগত আৰু প্ৰশিক্ষণ বিভাগৰ (Department of Personal and Training) বিষয়াসকলেও অংশগ্ৰহণ কৰিব।


উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই বৈঠকখন পূৰ্বে মে'ত অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু সমগ্ৰ দেশতে কোৰোণা সংকটৰ বাবে বৈঠকখন পিছুৱাই দিয়া হয়। ৰাষ্ট্ৰীয় পৰিষদ-জেচিএমৰ মতে, বৈঠকখন চলিত জুন মাহতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।


৩টা কিস্তি বাকী আছে



কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কৰ্মচাৰীসকলৰ ডি এৰ তিনিটা কিস্তি বাকী আছে, যিসমূহ চৰকাৰে পৰিশোধ কৰিব লাগিব। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ১ জানুৱাৰী ২০২০, ১ জুলাই ২০২০ আৰু ১ জানুৱাৰী ২০২১ৰ ডিএ আৰু ডিআৰ অমীমাংসিত হৈ আছে। কেন্দ্ৰীয় কৰ্মচাৰীৰ ১ জুন ২০২০ৰ পৰা তিনিটা ডিএ কিস্তি পৰিশোধ কৰাৰ কথা আছে, যাক কেন্দ্ৰীয় চৰকাৰে ৩০ জুন, ২০২১লৈ স্থবিৰ কৰি ৰাখিছে।


কিমান দৰমহা বৃদ্ধি হ'ব


উল্লেখ্য যে কৰ্মচাৰীসকলক বৰ্তমান ১৭ শতাংশ হাৰত ডি এ প্ৰদান কৰা হয়, আগলৈ ১১ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ই তেওঁলোকৰ দৰমহা যথেষ্ট বৃদ্ধি কৰিব। আনহাতে, কৰ্মচাৰীসকলে দুবছৰৰ প্ৰত্যক্ষ ডিএৰ সুবিধা লাভ কৰিবলৈ গৈ আছে, কিয়নো ২০২০ চনৰ জানুৱাৰীত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মুদ্ৰাস্ফীতি ভাট্টা ৪ শতাংশ বৃদ্ধি পাইছিল, তাৰ পিছত দ্বিতীয়াৰ্ধত অৰ্থাৎ ২০২০ চনৰ জুন মাহত ৩ শতাংশ বৃদ্ধি পাইছিল, এতিয়া ২০২১ চনৰ জানুৱাৰীত মুদ্ৰাস্ফীতি ভাট্টা পুনৰ ৪ শতাংশ বৃদ্ধি পাইছে, অৰ্থাৎ মুঠ ২৮ শতাংশ। ই ৫০ লাখতকৈও অধিক কৰ্মচাৰী আৰু ৬১ লাখ পেঞ্চনাৰক লাভান্বিত কৰিব।


কেতিয়া অনুষ্ঠিত হ'ব বৈঠক



কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আৰু নেচনেল কাউন্সিল অৱ জইণ্ট কনছালটেটিভ মেচিনেৰীৰ (National Council of Joint Consultative Machinery) মাজত প্ৰাৰম্ভিক বৈঠক ৮ মে' ২০২১ তাৰিখে অনুষ্ঠিত কৰা হৈছিল, কিন্তু কোৰোণা মহামাৰীৰ বাবে এই বৈঠক পিছুৱাই দিয়া হৈছিল। তাৰ পিছত মে' মাহৰ শেষ সপ্তাহত পুনৰ সিদ্ধান্ত লোৱা হৈছিল, কিন্তু কোৰোণাৰ সীমাবদ্ধতাৰ বাবে এইবাৰো বৈঠক অনুষ্ঠিত কৰিব পৰা নগ'ল। নেচনেল কাউন্সিল অৱ জইণ্ট কনছালটেটিভ মেচিনেৰীয়ে আশা কৰিছে যে বৈঠকখন চলিত মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহত অনুষ্ঠিত হ'ব।

Published by: Gautam Barman
First published: June 7, 2021, 5:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি