মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»চৰকাৰী চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ, মোদী চৰকাৰে দিলে ডাঙৰ উপহাৰ!

চৰকাৰী চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ, মোদী চৰকাৰে দিলে ডাঙৰ উপহাৰ!

News18 Assam | News18-Assam
Updated:July 14, 2021, 4:36 PM IST
চৰকাৰী চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ, মোদী চৰকাৰে দিলে ডাঙৰ উপহাৰ!
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

  • Share this:
কোৰোণাৰ সংকটৰ মাজতে মোদী চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ আগবঢ়াইছে ডাঙৰ উপহাৰ। কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত কেন্দ্ৰীয় কৰ্মচাৰীৰ Dearness Allowanceৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। কেবিনেটে কেন্দ্ৰীয় কৰ্মচাৰীৰ Dearness Allowance ১৭ শতাংশৰ পৰা বৃদ্ধি কৰি ২৮ শতাংশ কৰিছে। অৰ্থাৎ ১১ শতাংশ বৃদ্ধি পালে ডিএ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

সংবাদমেলৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কেবিনেটত লোৱা সিদ্ধান্তৰ কথা সদৰি কৰে। তেওঁ কয় যে ইয়াৰ বাবে মুঠ বাজেট ৩৪ হাজাৰ কোটি টকালৈ থাকিব। এই সিদ্ধান্ত জুলাইৰ পৰা কাৰ্যকৰী হ’ব।

আপোনাৰ দৰমহা কিমান বাঢ়িব সেয়া জানিবলৈ আপোনাৰ বেছিক ছেলাৰী চাব লাগিব। লগতে ইয়াৰ পিছত নিজৰ বৰ্তমানৰ ডিএ পৰীক্ষা কৰক। বৰ্তমান এয়া ১৭ শতাংশ যিটো বৃদ্ধি কৰি ২৮ শতাংশ কৰা হৈছে। সেয়েহে, কেন্দ্ৰীয় চৰকাৰৰ এজন কৰ্মচাৰীৰ ডিএ ১ জুলাই, ২০২১-ৰ পৰা তেওঁলোকৰ মূল দৰমহাৰ ১১ শতাংশ বৃদ্ধি হ'ব। একেই সূত্ৰ ডিআৰ গণনাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব।

উল্লেখযোগ্য যে কোৰোণাৰ সংক্ৰমণৰ বাবে বিগত এবছৰতকৈ অধিক সময় কেবিনেটৰ প্ৰত্যক্ষ বৈঠক অনুষ্ঠিত হোৱা নাছিল। প্ৰধানমন্ত্ৰী অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীসভাৰ সকলো সদস্য উপস্থিত থাকে।
Published by: Sanjay Kumar Das
First published: July 14, 2021, 4:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি