মুখ্যপৃষ্ঠা »খবৰ »দেশ »Government Employees: এইসকল কৰ্মচাৰীৰ DA ১৮৯ শতাংশলৈ বৃদ্ধি, জানি লওক শেহতীয়া Updates

Government Employees: এইসকল কৰ্মচাৰীৰ DA ১৮৯ শতাংশলৈ বৃদ্ধি, জানি লওক শেহতীয়া Updates

 সংশোধিত ডিএ হাৰ ১ জুলাই, ২০২১ তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু কেন্দ্ৰীয় স্বায়ত্তশাসিত সংস্থাৰ কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য হ'ব।

সংশোধিত ডিএ হাৰ ১ জুলাই, ২০২১ তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু কেন্দ্ৰীয় স্বায়ত্তশাসিত সংস্থাৰ কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য হ'ব।

সংশোধিত ডিএ হাৰ ১ জুলাই, ২০২১ তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু কেন্দ্ৰীয় স্বায়ত্তশাসিত সংস্থাৰ কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য হ'ব।

  • Share this:
বিত্ত মন্ত্ৰণালয়ৰ অধীনৰ ব্যয় বিভাগে আগষ্ট মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় স্বায়ত্তশাসিত সংস্থাসমূহৰ কৰ্মচাৰীসকলৰ DA সংশোধিত হাৰ সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। এই স্মাৰকপত্ৰ আৰু পৰিৱৰ্তনবোৰ এইসকল কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ'বলৈ নিৰ্ধাৰণ কৰা হৈছিল, যিসকলে এতিয়াও পঞ্চম দৰমহা আয়োগ আৰু ষষ্ঠ দৰমহা আয়োগ অনুসৰি পূৰ্ব-সংশোধিত গ্ৰেডত দৰমহা লাভ কৰি আছে। সংশোধিত ডিএ হাৰ ১ জুলাই, ২০২১ তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু কেন্দ্ৰীয় স্বায়ত্তশাসিত সংস্থাৰ কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য হ'ব।

মূলতঃ স্মাৰকপত্ৰখনে গুৰুত্ব আৰোপ কৰিছিল যে, ১ জানুৱাৰী, ২০২০ৰ পৰা ৩০ জুন ২০২১ৰ ভিতৰত কৰ্মচাৰীসকলক পৰিশোধ কৰা কোনো ডিএ বকেয়া নাথাকিব। কাৰ্যালয়ৰ মেমোত লগতে কোৱা হৈছিল যে, পঞ্চম দৰমহা আয়োগ আৰু ষষ্ঠ দৰমহা আয়োগ দুয়োটাৰ বাবে ১ জানুৱাৰী, ২০২০ৰ পৰা ৩০ জুন, ২০২১লৈকে ডিএ অপৰিৱৰ্তিত থাকিব।

অফিচ মেৰমেণ্ডামখনত পঞ্চম দৰমহা আয়োগ অনুসৰি ব্যয় বিভাগে লগতে কয় যে,
"কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় স্বায়ত্তশাসিত সংস্থাসমূহৰ কৰ্মচাৰীসকলৰ বাবে গ্ৰহণযোগ্য হোৱাকৈ ডিএৰ হাৰ ১.৭.২০২১ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ বেচিক পে ১৬৪ শতাংশৰ পৰা ১৮৯ শতাংশলৈ বৃদ্ধি কৰা হ'ব।"

মন কৰিবলগীয়া যে, কেন্দ্ৰই শেহতীয়াকৈ সকলো কৰ্মচাৰীৰ বাবে DA আৰু DR বৃদ্ধি কৰিছে। ডি.এ. পূৰ্বতে ১৭ শতাংশ আছিল, কিন্তু এতিয়া ১১ শতাংশ অতিৰিক্ত বৃদ্ধি কৰি ২৮ শতাংশ কৰিছে। খবৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে সম্ভৱতঃ আৰু ৩ শতাংশ ডিএ বৃদ্ধিৰ অনুমোদন দিবলৈ গৈ আছে। অর্থাৎ ডিএ ৩১ শতাংশলৈ বৃদ্ধি হ'ব।

শেহতীয়া বাতৰি