চৰকাৰী কৰ্মচাৰীৰ লগতে পেন্সনাৰসকলৰ বাবেও ভাল খবৰ, এই মাহতে ৪ শতাংশ বৃদ্ধি পাব DA !

News18 Assam | News18-Assam
Updated:February 9, 2021, 11:38 AM IST
চৰকাৰী কৰ্মচাৰীৰ লগতে পেন্সনাৰসকলৰ বাবেও ভাল খবৰ, এই মাহতে ৪ শতাংশ বৃদ্ধি পাব DA !
Source-Google

কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ ৫০ লাখ কৰ্মচাৰী আৰু ৬১ লাখ পেঞ্চনাৰৰ বাবে চলিত মাহতে DA বৃদ্ধি ঘোষণাৰ সম্ভাৱনা আছে। যিয়ে বৃদ্ধি কৰিব কৰ্মচাৰীসকলৰ দৰমহা । ইতিমধ্যে শ্ৰম বিভাগে অ'ল ইণ্ডিয়া উপভোক্তা মূল্য সূচক চমুকৈ AICPIৰ ঘোষণা কৰিছে, যিয়ে কৰ্মচাৰীসকলৰ DA বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰেই আহিব পাৰে সুখবৰ । কিয়নো অতিশীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে ৫০ লাখ কৰ্মচাৰী আৰু ৬১ লাখ পেঞ্চনাৰৰ DA বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। চলিত মাহতেই চৰকাৰে ৪ শতাংশ DA বৃদ্ধি ঘোষণাৰ সম্ভাৱনা আছে। যিয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা পোনপটীয়াকৈ বৃদ্ধি কৰিব ।

দৰাচলতে, শ্ৰম বিভাগে অ'ল ইণ্ডিয়া উপভোক্তা মূল্য সূচক (AICPI) ঘোষণা কৰিছে। যাৰ দ্বাৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলক আশা প্ৰদান কৰা হৈছে যে তেওঁলোকে DA বৃদ্ধি হ'ব পাৰে | কিয়নো কেৱল AICPI দ্বাৰা নিৰ্ধাৰণ কৰা হয DA |

ট্ৰেভেল এলাউন্স অৰ্থাত্ TAও ৪ শতাংশ বৃদ্ধি কৰা হ'ব-

AICPIৰওপৰত আধাৰ কৰি কোৱা হৈছে যে, চৰকাৰে DA ৪% বৃদ্ধি কৰিব পাৰে। যিয়ে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক পোনপটীয়াকৈ লাভান্বিত কৰিব। ৭ম বেতন আয়োগৰ মতে, যদি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ DA ৪ শতাংশ বৃদ্ধি হয়, তেন্তে তেওঁলোকৰ ট্ৰেভেল এলাউন্স অৰ্থাত্ TA ও ৪ শতাংশ বৃদ্ধি হ'ব। অৱশ্যে, কেন্দ্ৰীয় কৰ্মচাৰীসকলক ১জুলাই ২০২০ ৰ পৰা ১ জানুৱাৰী ২০২১লৈ DA দিয়া নহ'ব । উল্লেখ্য যে, কেন্দ্ৰই ২০২০ চনৰ এপ্ৰিলত ক'ৰোনা সংকটৰ বাবে DA নিষিদ্ধ কৰাৰ লগতে ২০২১ৰ জুনলৈকে কৰ্মচাৰীসকলক DA দিয়া নহ'ব বুলি ঘোষণা কৰিছিল |

লক্ষণীয় দিশটো হ'ল যে, এই বৃদ্ধিৰ পাচতে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বৰ্তমানৰ DA ১৭ শতাংশ শতাংশৰ পৰা ৪ শতাংশ বৃদ্ধিৰ পিছত ২১ শতাংশ হ'ব আৰু TAৰ পৰিমাণো ৪ শতাংশ বৃদ্ধি হ'ব। ইয়াৰ ফলত কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনধাৰীৰ পেঞ্চন বৃদ্ধি হ'ব। যিহেতু কেন্দ্ৰীয় কৰ্মচাৰীসকলক বৰ্তমানে DA আৰু DR পৰিশোধ কৰা হোৱা নাই। তেনেস্থলত ইয়ে দিব কৰ্নচাৰীসকলক সকাহ |

ইপিনে কেন্দ্ৰই সময়-সময়ত DA সংশোধন কৰে আৰু মৌলিক দৰমহাৰ আধাৰত DA গণনা কৰা হয়। ইয়াক জানুৱাৰী আৰু জুলাইত বছৰত দুবাৰ ঘোষণা কৰা হয়।
First published: February 9, 2021, 11:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি