চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, এই মাহতে বৃদ্ধি পাব পাৰে দৰমহা!

News18 Assam | News18-Assam
Updated:March 22, 2021, 2:22 PM IST
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, এই মাহতে বৃদ্ধি পাব পাৰে দৰমহা!
চলিত মাহতেই চৰকাৰে ৪ শতাংশ DA বৃদ্ধি ঘোষণাৰ সম্ভাৱনা আছে। যিয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা পোনপটীয়াকৈ বৃদ্ধি কৰিব।

চলিত মাহতেই চৰকাৰে ৪ শতাংশ DA বৃদ্ধি ঘোষণাৰ সম্ভাৱনা আছে। যিয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা পোনপটীয়াকৈ বৃদ্ধি কৰিব।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে আহিব পাৰে সুখবৰ! কিয়নো অতিশীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে  ৫০ লাখ কৰ্মচাৰী আৰু ৬১ লাখ পেঞ্চনাৰৰ DA বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। চলিত মাহতেই চৰকাৰে ৪ শতাংশ DA বৃদ্ধি ঘোষণাৰ সম্ভাৱনা আছে। যিয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা পোনপটীয়াকৈ বৃদ্ধি কৰিব।

দৰাচলতে, শ্ৰম বিভাগে অল ইণ্ডিয়া উপভোক্তা মূল্য সূচক (AICPI) ঘোষণা কৰিছে। যাৰ দ্বাৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ DA বৃদ্ধি হ'ব পাৰে। কিয়নো কেৱল AICPI দ্বাৰা নিৰ্ধাৰণ কৰা হয় DA। ট্ৰেভেল এলাউন্স অৰ্থাৎ TAও ৪ শতাংশ বৃদ্ধি কৰা হ'ব।

AICPIৰওপৰত আধাৰ কৰি কোৱা হৈছে যে, চৰকাৰে DA ৪% বৃদ্ধি কৰিব পাৰে। যিয়ে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক পোনপটীয়াকৈ লাভান্বিত কৰিব। সপ্তম দৰমহা আয়োগৰ মতে, যদি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ DA ৪ শতাংশ বৃদ্ধি হয়, তেন্তে তেওঁলোকৰ ট্ৰেভেল এলাউন্স অৰ্থাৎ TAও ৪ শতাংশ বৃদ্ধি হ'ব। অৱশ্যে, কেন্দ্ৰীয় কৰ্মচাৰীসকলক ১ জুলাই ২০২০ৰ পৰা ১ জানুৱাৰী ২০২১লৈ DA দিয়া নহ'ব। উল্লেখ্য যে, কেন্দ্ৰই ২০২০ চনৰ এপ্ৰিলত কোৰোণা সংকটৰ বাবে DA বন্ধ কৰাৰ লগতে ২০২১ৰ জুনলৈকে কৰ্মচাৰীসকলক DA দিয়া নহ'ব বুলি ঘোষণা কৰিছিল।

লক্ষণীয় দিশটো হ'ল যে, এই বৃদ্ধিৰ পিছতে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বৰ্তমানৰ DA ১৭ শতাংশ শতাংশৰ পৰা ৪ শতাংশ বৃদ্ধিৰ পিছত ২১ শতাংশ হ'ব আৰু TAৰ পৰিমাণো ৪ শতাংশ বৃদ্ধি হ'ব। ইয়াৰ ফলত কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনধাৰীৰ পেঞ্চন বৃদ্ধি হ'ব।  যিহেতু কেন্দ্ৰীয় কৰ্মচাৰীসকলক বৰ্তমানে DA আৰু DR পৰিশোধ কৰা হোৱা নাই। তেনেস্থলত ই কৰ্মচাৰীসকলক সকাহ দিব।
Published by: Sanjay Kumar Das
First published: February 9, 2021, 11:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি