বৃদ্ধি হ’ব পাৰে ছোৱালীৰ বিয়াৰ বয়সৰ ন্যূনতম সীমা! সিদ্ধান্তৰ বাবে মোদী চৰকাৰে গঠন কৰিলে টাস্ক ফ’ৰ্চ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত উল্লেখ কৰিছিল যে মহিলাৰ মাতৃ হোৱাৰ সঠিক বয়সৰ বিষয়ে পৰামৰ্শ দিয়াৰ বাবে এক টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত উল্লেখ কৰিছিল যে মহিলাৰ মাতৃ হোৱাৰ সঠিক বয়সৰ বিষয়ে পৰামৰ্শ দিয়াৰ বাবে এক টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব।
- News18 Assam
- Last Updated: June 5, 2020, 11:11 AM IST
টাস্ক ফ’ৰ্চে ৩১ জুলাইত নিজৰ ৰিপ’ৰ্ট দাখিল কৰিব। জয়া জেটলীৰ অধ্যক্ষতাত গঠিত এই টাস্ক ফ’ৰ্চত আছে ডাঃ ভি কে পাল, শিক্ষাবিদ নাজমা আখতাৰ, ৱসুধা কামাত আৰু দীপ্তি শ্বাহ।
উল্লেখযোগ্য যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত উল্লেখ কৰিছিল যে মহিলাৰ মাতৃ হোৱাৰ সঠিক বয়সৰ বিষয়ে পৰামৰ্শ দিয়াৰ বাবে এক টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব। চৰকাৰৰ এই পদক্ষেপৰ আঁৰত উচ্চতম ন্যায়ালয়ৰ এক সিদ্ধান্ত আছে। বৰ্তমান সময়ত ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স ১৮ বছৰ আৰু ল’ৰাৰ বাবে ২১ বছৰ।