ডায়লিছিছ কৰাবলৈ ৰোগীয়ে এতিয়া যাব নালাগে ডায়েলিছিছ চেণ্টাৰ। চৰকাৰে ৰোগীসকলৰ বাবে ঘৰতে ডায়েলিছিছ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ বাবে হিমো–ডায়েলিছিছৰ বিপৰীতে পেৰিটোনিয়ল ডায়েলিছিছ কৰোৱা হ’ব। ইয়াৰ জৰিয়তে ৰোগীসকলক এখন পেৰিটোনিয়ল কিট দিয়া হ’ব আৰু কিছু ঔষধ দিয়া হ’ব তাৰ জৰিয়তে ঘৰত বহিয়েই কৰোৱাব পাৰিব ডায়েলিছিছ। এই সেৱা ২ বা ৩ মাহৰ ভিতৰত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা।
এওঁলোকে পাব বিনামূলীয়া সুবিধা
আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ৰোগীসকলক কিট আৰু ঔষধ বিনামূলীয়াকৈ পাব। চৰকাৰৰ তৰফৰ পৰা অন্য ৰোগীসকলে এই সুবিধা সুতৰ হাৰত লাভ কৰিব। প্ৰধানমন্ত্ৰী ডায়েলিছিছ অনুষ্ঠানৰ অধীনত এই আঁচনি সম্প্ৰসাৰিত কৰা হৈছে। ২ বা ৩ মাহৰ ভিতৰত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা।
তথ্য অনুসৰি, দেশত প্ৰতিবছৰে ২ লাখতকৈও অধিক ৰোগী ওলাই যিসকলৰ ডায়েলিছিছ কৰিবলগীয়া হয়। ২ বছৰ পূৰ্বে চৰকাৰে প্রধানমন্ত্ৰী ডায়েলিছিছ প্ৰগ্ৰাম আৰম্ভ কৰিছিল। যাৰ জৰিয়তে দেশজুৰি বৰ্তমানলৈ ৭৫৭টা ডায়েলিছিছ চেণ্টাৰ স্থাপিত কৰা হৈছে। ৰাষ্ট্ৰীয় ডায়েলিছিছ অনুষ্ঠানৰ জৰিয়তে প্ৰতিখন ৰাজ্যতে এই আঁচনি জাৰি কৰা হ’ব।
এই প্ৰক্ৰিয়া অতি সৰল, ২৪ ঘণ্টাত ৩ বাৰকৈ কৰিব লাগিব
এই প্ৰক্ৰিয়াত ৰোগীৰ পেটৰ কেথেটৰ টিউব স্থাপন কৰা হয়। টিউবৰ জৰিয়তে পেৰিট’নিয়ম ডায়েলিছিছ ফ্লুড ভৰাই দিয়া হয়। ইয়াৰ পৰিমাণ হ’ল ২ লিটাৰ। দেহৰ ভিতৰত থাকিব ৩০ৰ পৰা ৪০ মিনিট। পেটত লাগি থকা টিউবৰ সৈতে আন এটা কেথেটৰ সংলগ্ন কৰা হয়, এই টিউবৰ জৰিয়তে তেজৰ অলাগতিয়াল পদাৰ্থ বাহিৰলৈ ওলাই আহে। এই সুবিধা নেফ্ৰ’লোজিষ্ট অথবা ফিজিচিয়নৰ উপদেশৰ পিছতহে লাভ কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|