কেতিয়া হ’ব নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচি? আজি কেন্দ্ৰৰ আবেদনক লৈ শুনানি

News18 Assam | News18-Assam
Updated:February 2, 2020, 7:57 AM IST
কেতিয়া হ’ব নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচি? আজি কেন্দ্ৰৰ আবেদনক লৈ শুনানি
ন্যায়াধীশ সুৰেশ কুমাৰে চাৰিওজন দোষী মুকেশ কুমাৰ, বিনয় শৰ্মা, পৱন গুপ্তা আৰু অক্ষয় সিঙক জাননী জাৰি কৰিছে।

ন্যায়াধীশ সুৰেশ কুমাৰে চাৰিওজন দোষী মুকেশ কুমাৰ, বিনয় শৰ্মা, পৱন গুপ্তা আৰু অক্ষয় সিঙক জাননী জাৰি কৰিছে।

  • Share this:
নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচিৰ শাস্তি স্থগিত ৰখাৰ নিম্ন আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা আবেদনৰ ওপৰত আজি দিল্লী উচ্চ ন্যায়ালয়ত হ’ব শুনানি। শনিবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে চাৰিও দোষীৰ পৰা উত্তৰ বিচাৰিছিল। ন্যায়াধীশ সুৰেশ কুমাৰে চাৰিওজন দোষী মুকেশ কুমাৰ, বিনয় শৰ্মা, পৱন গুপ্তা আৰু অক্ষয় সিঙক জাননী জাৰি কৰিছে।

আদালতে তিহাৰ জে’লৰ বিষয়ালৈ জাননী জাৰি কৰি কেন্দ্ৰীয় চৰকাৰৰ আবেদনক লৈ স্থিতি জানিব বিচাৰিছে। শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক কয় যে নিৰ্ভয়া কাণ্ডৰ দোষীয়ে আইনী প্ৰক্ৰিয়াক ধেমালিৰ দৰে লৈছে আৰু ফাঁচি স্থগিত কৰাত উঠিপৰি লাগিছে।

তেওঁ কয় যে সকলো আইনী বিকল্প শেষ হোৱাৰ পিছতো চাৰিও দোষীয়ে নিজৰ ফাঁচিৰ তাৰিখ পিছুওৱাৰ বাবে এখন এখনকৈ আৰ্জি দাখিল কৰি আছে। যদি এনেদৰে চলি থাকে তেন্তে জঘন্য অপৰাধৰ এই ঘটনাত দোষীয়ে কৰা আইনৰ অপব্যৱহাৰ কেতিয়াও শেষ নহ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি