কোনো ধৰণৰ দুৰ্নীতিক আপোচ নকৰে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে আগতকৈও সবল স্থিতি গ্ৰহণ কৰিছে। দুৰ্নীতি, ভ্ৰষ্টাচাৰী চৰকাৰী বিষয়াক লেকাম লগাবলৈ এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিছুদিন পূৰ্বে আয়কৰ বিভাগৰ ২৫ গৰাকী জ্যেষ্ঠ বিষয়াক মোডী চৰকাৰে বাধ্যতামূলক অব্যাহতি প্ৰদান কৰাৰ পিছত এইবাৰ চৰকাৰে ভ্ৰষ্ট আৰু নিষ্কৰ্ম চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।এইবাৰ মিনিষ্ট্ৰী অৱ পাৰ্চনেল বিভাগে সকলো কৰ্মচাৰীৰ কামৰ পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। পৰ্যালোচনাৰ সময়ত কৰ্মচাৰীৰ কামত গাফিলতি দেখা পালে বাধ্যতামূলক অব্যাহতি প্ৰদান কৰিব বুলিও সদৰি কৰা হৈছে।
মিনিষ্ট্ৰী অৱ পাৰ্চনেলৰ নিৰ্দেশ মৰ্মে এতিয়াৰে পৰা সকলো চৰকাৰী বিভাগে প্ৰতিমাহৰ ১৫ তাৰিখে নিৰ্ধাৰিত কাম-কাজৰ ৰিপ’ৰ্ট দাখিল কৰিব লাগিব। এই নিৰ্দেশ ১৫ জুলাইৰ পৰা সকলো চৰকাৰী বিভাগতে কাৰ্যকৰী হ’ব।
Published by: Dulu Medhi
FIRST PUBLISHED : June 22, 2019, 08:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।