চাকৰি প্ৰাৰ্থীলৈ সুখবৰ, এপ্ৰিলৰ পৰা এই কেইটা বিভাগত ‘Bumper Vacancies’, বৃদ্ধি কৰিব দৰমহাও!

News18 Assam | News18-Assam
Updated:February 3, 2020, 2:04 PM IST
চাকৰি প্ৰাৰ্থীলৈ সুখবৰ, এপ্ৰিলৰ পৰা এই কেইটা বিভাগত ‘Bumper Vacancies’, বৃদ্ধি কৰিব দৰমহাও!
Source-Google

নতুন বিত্তীয় বৰ্ষত চৰকাৰে বৃদ্ধি কৰিব চৰকাৰী কৰ্মচাৰীৰ সংখ্যা

  • Share this:
আগন্তুক  বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। এই শিতানত কেন্দ্ৰীয় চৰকাৰে ১০ হাজাৰ কোটি টকা বৃদ্ধি কৰিব বুলি অনুমান কৰা হৈছে।

শনিবাৰে লোকসভাত দাখিল কৰা বিত্তীয় বাজেট অনুসৰি ২০২১ চনৰ মাৰ্চ মাহলৈকে কেন্দ্ৰীয় চৰকাৰে  কৰ্মচাৰীৰ সংখ্যা ৩৫,৩৫,৩৮৮ লৈকে বৃদ্ধি কৰিব। ফলত আগন্তুক বিত্তীয় বৰ্ষত চৰকাৰে ২৪,৪৭৭গৰাকী নতুন কৰ্মচাৰী নিয়োগ কৰিব কেন্দ্ৰীয় চৰকাৰৰ অধিনস্থ বিভিন্ন বিভাগত।

তথ্য মতে, ভাৰতীয় ৰে’ল সেৱা, আৰক্ষী বিভাগ, ডাক বিভাগত বৃদ্ধি কৰিব কৰ্মচাৰীৰ সংখ্যা। সেইদৰে আগন্তুক বিত্তীয় বৰ্ষৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিবলৈও চৰকাৰে সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।
Published by: Himangshu Bhuyan
First published: February 3, 2020, 2:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading