உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কোৰোণা ভেকচিন লোৱাৰ পূৰ্বে জানি লওক কেন্দ্ৰৰ নতুন নিয়মাৱলী, ভেকচিন লোৱাৰ পিছত কৰিব নোৱাৰিব এইসমূহ কাম...

    কোৰোণা ভেকচিন লোৱাৰ পূৰ্বে জানি লওক কেন্দ্ৰৰ নতুন নিয়মাৱলী, ভেকচিন লোৱাৰ পিছত কৰিব নোৱাৰিব এইসমূহ কাম...

    আজি Covid-19ৰ প্রতিষেধক প্রদানৰ ক্ষেত্রত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰিছে নতুন কেতবোৰ পৰামৰ্শ। 

    আজি Covid-19ৰ প্রতিষেধক প্রদানৰ ক্ষেত্রত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰিছে নতুন কেতবোৰ পৰামৰ্শ। 

    আজি Covid-19ৰ প্রতিষেধক প্রদানৰ ক্ষেত্রত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰিছে নতুন কেতবোৰ পৰামৰ্শ। 

    • Share this:
    আজি Covid-19ৰ প্রতিষেধক প্রদানৰ ক্ষেত্রত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰিছে নতুন কেতবোৰ পৰামৰ্শ।  এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সচিব ৰাজেশ ভূষণে পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্য সমূহৰ মুখ্য সচিবলৈ।

    • নতুন পৰামৰ্শ সমূহ এনেধৰণৰঃ

    •  Covid-19ত আক্রান্ত হোৱা সকলে সুস্থ হোৱাৰ তিনি মাহৰ পাছত গ্ৰহণ কৰিব ভেকচিন ।

    • Monoclonal Antibodies আৰু Convalescent Plasma লোৱা Covid-19ত আক্রান্ত লোক সকলে হাস্পতাল এৰাৰ তিনি মাহৰ পাছত গ্রহণ কৰিব ভেকচিন । 

    • প্ৰথম পালি ভেকচিন লৈ Covid-19ত আক্ৰান্ত হ’লে সুস্থ হোৱাৰ তিনি মাহৰ পাছত গ্ৰহণ কৰিব দ্বিতীয় পালি ভেকচিন। 

    • অন্য কোনো জটিল ৰোগত আক্রান্ত হৈ ICUত ভর্তি হৈ থকা লোকেও ৪-৮ সপ্তাহৰ অন্তত ভেকচিন গ্ৰহণ কৰিব। 

    • এজন ব্যক্তিয়ে ভেকচিন লোৱাৰ ১৪দিনৰ পাছতহে ৰক্ত দান কৰিব লাগে ।

    • আক্রান্ত হোৱা জনেও Negative হোৱাৰ ১৪দিনৰ পাছত ৰক্ত দান কৰিব লাগে। 

    • স্তনপান কৰাই থকা মাতৃয়ে ভেকচিন ল’ব পাৰিব।

    • ভেকচিন লোৱাৰ প্ৰকমুহূৰ্তত কোনো ব্যক্তিৰ Covid-19ৰ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই । 


    উল্লেখযোগ্য যে, National Expert Group on Vaccine Administration of Covid-19-এ মহামাৰীৰ পৰিৱৰ্তিত পৰিস্থিতি, বিজ্ঞানসন্মত তথ্য আৰু বিশ্বজুৰি প্ৰাপ্ত অভিজ্ঞতাৰ ভিত্তিত প্ৰতিষেধক প্রদানৰ ক্ষেত্ৰত এই পৰামৰ্শ সমূহ উদ্ভাৱন কৰি উলিয়াইছে। মিছনৰ সচিবগৰাকীয়ে পৰামৰ্শ সমূহ তৎকালীন ভাৱে কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰ সমূহক আহ্বান জনাইছে ।
    Published by:Himangshu Bhuyan
    First published: