• Home
  • »
  • News
  • »
  • nation
  • »
  • Terror Funding: কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে PFIক

Terror Funding: কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে PFIক

PFI আৰু ইয়াৰ সকলো সহযোগী সংস্থাক তাৎক্ষণিকভাৱে পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে।

PFI আৰু ইয়াৰ সকলো সহযোগী সংস্থাক তাৎক্ষণিকভাৱে পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে।

PFI আৰু ইয়াৰ সকলো সহযোগী সংস্থাক তাৎক্ষণিকভাৱে পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে।

  • Share this:
সন্ত্ৰাসবাদীক পুঁজি প্ৰদানৰ গোচৰৰ তদন্তৰ সন্মুখীন হৈ থকা পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া চমুকৈ PFIৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দিল্লী–উত্তৰ প্ৰদেশকে ধৰি দেশৰ বিভিন্ন স্থানত PFI বিৰুদ্ধে কেইবাটাও অভিযানৰ পিছত, কেন্দ্ৰীয় চৰকাৰে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত সংগঠনটোক অবৈধ বুলি ঘোষণা কৰিছে। চৰকাৰে জাৰি কৰা এক জাননী অনুসৰি, PFIক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে। ইয়াৰেপৰি PFIৰ সৈতে জড়িত থকা আন আঁঠটা সংগঠনকো নিষিদ্ধ কৰা হৈছে। সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্কৰ অভিযোগত দেশৰ বহুতো ৰাজ্যত PFIৰ ওপৰত নিৰন্তৰ অভিযান চলাই থকা কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

জানিব পৰা মতে, গৃহ মন্ত্ৰালয়ে তদন্তকাৰী সংস্থাসমূহৰ পৰা সন্ত্ৰাসবাদী সম্পৰ্কৰ শক্তিশালী প্ৰমাণ পোৱাৰ পিছতহে এই পদক্ষেপ গ্ৰহণ কৰিছে। গৃহ মন্ত্ৰালয়ৰ মতে, PFI আৰু ইয়াৰ সকলো সহযোগী সংস্থাক তাৎক্ষণিকভাৱে পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে। নিষিদ্ধ সংগঠন চিমি আৰু জেএমবিৰ সৈতে PFIৰ লিংক পোৱা গৈছিল আৰু ইয়াৰ পাছতেই এই পদক্ষেপ লোৱা হৈছে। উল্লেখযোগ্য যে, বিগত ২২ ছেপ্তেম্বৰ আৰু ২৭ ছেপ্তেম্বৰত PFIৰ ওপৰত দেশজুৰি অভিযান চলিছিল আৰু শ শ কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

নিষিদ্ধ কৰা সংগঠনকেইটা-

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা জাননী অনুসৰি, PFIৰ উপৰিও অন্য ৮ টা সহযোগী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। PFIৰ উপৰিও ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন (আৰআইএফ), কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া (চিএফআই), অল ইণ্ডিয়া ইমাম কাউন্সিল (এআইআইচি), নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন (এনচিআৰঅ), নেচনেল উইমেন ফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এম্পাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন, কেৰালাৰ দৰে সহযোগী সংগঠনসমূহকো নিষিদ্ধ কৰা হৈছে।

NIAৰ অভিযান-

শেহতীয়াকৈ, NIA-EDয়ে যুটীয়াভাৱে দেশৰ বিভিন্ন ৰাজ্যত PFIৰ বিৰুদ্ধে অভিযান চলায় আৰু প্ৰায় দুই শতাধিকৰো অধিক PFI কৰ্মীক গ্ৰেপ্তাৰ কৰে। এই অভিয়ানৰ কিছুদিনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, NIAই বিগত ২২ ছেপ্তেম্বৰত PFIৰ বিৰুদ্ধে প্ৰথম অভিযান চলাইছিল য'ত ১১ খন ৰাজ্যৰ প্ৰায় ৯৬ টা স্থানত ১০০ৰো অধিক PFI নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পাছত ২৭ ছেপ্তেম্বৰ অৰ্থাৎ মঙলবাৰে উত্তৰ প্ৰদেশ-দিল্লীকে ধৰি দেশৰ ৮ খন ৰাজ্যত ৰাজ্যিক আৰক্ষীয়ে তালাচী চলায় আৰু বহু সংখ্যক PFI নেতাক গ্ৰেপ্তাৰ কৰে।

PFI সংগঠনটোৰ গঠন আৰু ইয়াৰ লক্ষ্য-

PFI সংগঠনটো ২০০৬ চনত গঠন হৈছিল আৰু ই ভাৰতত প্রান্তিক শ্ৰেণীসমূহৰ সৱলীকৰণৰ বাবে এক নতুন সামাজিক আন্দোলন চলাইছে বুলি দাবী কৰে। অৱশ্যে, আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ দাবী অনুসৰি PFI য়ে উগ্ৰ ইছলাম বিয়পাই আছে। উক্ত সংগঠনটো কেৰালাত গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত। PFIৰ বিৰুদ্ধে দেশজুৰি পদক্ষেপ লোৱাৰ পিছত, ইতিমধ্যে ইয়াৰ ওপৰত দেশজুৰি নিষেধাজ্ঞা ৰখাৰ সম্ভাৱনা আগৰ পৰাই আছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি