কৰ্তন হ’ব নেকি চৰকাৰী কৰ্মচাৰীৰ দৰমহা? কি ক’লে কেন্দ্ৰীয় মন্ত্ৰীয়ে?

News18 Assam | News18-Assam
Updated:May 11, 2020, 3:45 PM IST
কৰ্তন হ’ব নেকি চৰকাৰী কৰ্মচাৰীৰ দৰমহা? কি ক’লে কেন্দ্ৰীয় মন্ত্ৰীয়ে?
Source-Google

ল’ক ডাউনৰ বাবে এতিয়া তীব্ৰ ক্ষতিৰ সন্মুখীন হৈছে দেশৰ অৰ্থনীতি

  • Share this:
দেশত এতিয়া কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কোৰোণাত প্ৰতিহত কৰিবলৈ দেশত অব্যাহত আছে ল’ক ডাউন। ল’ক ডাউনৰ বাবে এতিয়া তীব্ৰ ক্ষতিৰ সন্মুখীন হৈছে দেশৰ অৰ্থনীতি। তেনেসময়তে বহু ৰাজ্যই চৰকাৰী কৰ্মচাৰীৰ দৰমহা কিছু শতাংশ কৰ্তন কৰাও দেখিবলৈ পোৱা গৈছে।

তাৰ মাজতে ছচিয়েল মিডিয়াত প্ৰচাৰ হৈছে যে, অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰ্তন কৰিব চৰকাৰী কৰ্মচাৰীৰ দৰমহা।

পিছে এই খবৰৰ কোনো সত্যতা নাই বুলি জনাইছে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে। কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই বুলি স্পষ্ট কৰি দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।



First published: May 11, 2020, 3:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি