সঁচাকৈ চৰকাৰী কৰ্মচাৰীৰ অৱসৰ গ্ৰহণৰ বয়স ৬০ৰ পৰিৱৰ্তে কৰা হ’ল নেকি ৫০?

News18 Assam | News18-Assam
Updated:April 27, 2020, 1:55 PM IST
সঁচাকৈ চৰকাৰী কৰ্মচাৰীৰ অৱসৰ গ্ৰহণৰ বয়স ৬০ৰ পৰিৱৰ্তে কৰা হ’ল নেকি ৫০?
Source-Google

এতিয়া সমগ্ৰ দেশতে ল’ক ডাউন। ল’ক ডাউনৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে দেশৰ অৰ্থনীতি।

  • Share this:
এতিয়া সমগ্ৰ দেশতে ল’ক ডাউন। ল’ক ডাউনৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে দেশৰ অৰ্থনীতি। ইফালে আজি প্ৰধানমন্ত্ৰী মোদীয়ে ল’ক ডাউনৰ সন্দৰ্ভত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে বিশেষ বৈঠকত মিলিত হৈছে। তাৰ মাজতে এতিয়া চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ সীমাক ওলাইছে বিশেষ বাতৰি।

উল্লেখযোগ্য যে, চৰকাৰী কৰ্মচাৰীৰ সৈতে জড়িত যিকোনো খবৰ অতি সোনকালে ভাইৰেল হৈ পৰে। চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স হ্ৰাস কৰাকলৈ দেশজুৰি বিশেষ খবৰ ওলাইছে। এই সন্দৰ্ভত এতিয়া স্পষ্টীকৰণ দিছে কেন্দ্ৰীয় মন্ত্ৰী ডা০ জিতেন্দ্ৰ সিঙে।

মন্ত্ৰীগৰাকীয়ে কয় যে, ‘কিছুদিন ধৰি বহু লোকে এনেধৰণৰ খবৰ বিয়পাই আছে। এই খবৰ সম্পূৰ্ণ ভুৱা। এই বিষয়ত কোনো ধৰণৰ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা নাই। চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়সকলৈ নতুনকৈ চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই।
Published by: Himangshu Bhuyan
First published: April 27, 2020, 1:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি