চৰকাৰী চাকৰিয়ালৰ বাবে আহি আছে ভাল খবৰ!

News18 Assam | News18-Assam
Updated:February 21, 2020, 9:22 AM IST
চৰকাৰী চাকৰিয়ালৰ বাবে আহি আছে ভাল খবৰ!
ESICৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন নিয়োগকৰ্তাৰ তৰফৰ পৰা কৰোৱা হয়। ইয়াৰ কাৰণে কৰ্মচাৰীয়ে পৰিয়ালৰ সদস্যৰ তথ্য প্ৰদান কৰিব লাগে। নমিনীও কৰ্মচাৰীয়ে নিৰ্ধাৰণ কৰিব লাগে। 

১ ফেব্ৰুৱাৰীত লোকসভাত দাখিল কৰা বাজেট অনুসৰি, ১ মাৰ্চ ২০২০ত কেন্দ্ৰীয় কৰ্মচাৰীৰ মুঠ সংখ্যা ২০২১ চনত ২৪,৪৪৭ গৰাকী বৃদ্ধি পাব।

  • Share this:
আগন্তুক বিত্তীয় বৰ্ষত বৃদ্ধি পাব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সংখ্যা। প্ৰায় ২৪,৫০০ জন কৰ্মচাৰী বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আগন্তুক বিত্তীয় বৰ্ষত। লগতে কেন্দ্ৰীয় কৰ্মচাৰীৰ বেতন আৰু ভাত্তা আদিৰ খৰচ প্ৰায় ১০ হাজাৰ কোটি টকা বৃদ্ধিৰ সম্ভাৱনা আছে। অৱশ্যে সেনা বাহিনীৰ সংখ্যা আৰু খৰচ বৃদ্ধিৰ কোনো সম্ভাৱনা নাই।

১ ফেব্ৰুৱাৰীত লোকসভাত দাখিল কৰা বাজেট অনুসৰি, ১ মাৰ্চ ২০২০ত কেন্দ্ৰীয় কৰ্মচাৰীৰ মুঠ সংখ্যা ২০২১ চনত ২৪,৪৪৭ গৰাকী বৃদ্ধি পাব। অৱশ্যে দেশৰ সৰ্বাধিক চৰকাৰী চাকৰি প্ৰদানকাৰী ৰে’ল বিভাগত কৰ্মচাৰীৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা নাই। তাৰ পৰিৱৰ্তে আৰক্ষী বাহিনীত বৃদ্ধি পাব কৰ্মচাৰীৰ সংখ্যা।

ডাক বিভাগতো বৃদ্ধি হ’ব পাৰে কৰ্মচাৰীৰ সংখ্যা। বাজেট অনুসৰি, আগন্তুক বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰ্মচাৰীৰ বেতন তথা ভাত্তা প্ৰদানৰ ক্ষেত্ৰত ৯,৬৭৯.২৮ কোটি টকা বৃদ্ধি পাব পাৰে। ‘জনসত্তা’ত প্ৰকাশ পাইছে এই খবৰ।
Published by: Sanjay Kumar Das
First published: February 21, 2020, 9:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি