চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ, চলিত মাহৰ পৰা বাঢ়িব দৰমহা!

News18 Assam | News18-Assam
Updated:December 3, 2020, 10:28 PM IST
চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ, চলিত মাহৰ পৰা বাঢ়িব দৰমহা!
দীপাৱলীৰ পিছত দ্বিতীয় বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহিছে ভাল খবৰ।

দীপাৱলীৰ পিছত দ্বিতীয় বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহিছে ভাল খবৰ।

  • Share this:
দীপাৱলীৰ পিছত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহিছে ভাল খবৰ। মিডিয়া ৰিপৰ্ট অনুসৰি, চলিত মাহৰ শেষৰ ফালে দৰমহা বাঢ়িব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ। জানিব পৰা মতে, সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বঢ়োৱা হ’ব দৰমহা।

প্ৰায় ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে চলিত মাহৰ শেষৰ ফালে এই ভাল খবৰটো লাভ কৰাৰ সম্ভাৱনা আছে।  অহা কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সিদ্ধান্ত ল’ব পাৰে কেন্দ্ৰীয় চৰকাৰে। সেইদৰে ভাৰতীয় ৰে’লৰ নন-গেজেটেড মেডিকেল ষ্টাফৰ দৰমহাও ২১,০০০ টকা লৈকে বৃদ্ধি কৰা হ’ব।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মাচৰীয়ে দৰমহা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাই আহিছে। সেইদৰে কৰ্মচাৰীৰ নূন্যতম দৰমহা ২৬,০০০ টকালৈকে বৃদ্ধি কৰিবলৈও দাবী জনাই আহিছে। বৰ্তমান সময়ত নূন্যতম দৰমহা ১৮,০০০ টকা।
Published by: Himangshu Bhuyan
First published: December 3, 2020, 10:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি