AFSPAক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। অসম, মণিপুৰ আৰু নাগালেণ্ডৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তৰ কথা সদৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।
আজি টুইটাৰযোগে অমিত শ্বাহে প্ৰকাশ কৰিছে যে অসম, মণিপুৰ আৰু নাগালেণ্ডত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)ৰ অধীনৰ এলেকাসমূহ হ্ৰাস কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ।
In a significant step, GoI under the decisive leadership of PM Shri @NarendraModi Ji has decided to reduce disturbed areas under Armed Forces Special Powers Act (AFSPA) in the states of Nagaland, Assam and Manipur after decades.