• Home
  • »
  • News
  • »
  • nation
  • »
  • শীঘ্ৰে ব্যক্তিগত কোম্পানীৰ হাতলৈ যাব গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰ সহ দেশৰ তিনিটা বিমানবন্দৰ,অনুমোদন জনালে মোদী কেবিনেটে

শীঘ্ৰে ব্যক্তিগত কোম্পানীৰ হাতলৈ যাব গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰ সহ দেশৰ তিনিটা বিমানবন্দৰ,অনুমোদন জনালে মোদী কেবিনেটে

কেবিনেট বৈঠকত তিনিটা এয়াৰপৰ্ট ব্যক্তিগতকৰণত কেন্দ্ৰৰ অনুমোদন। জয়পুৰ, গুৱাহাটী আৰু তীৰুৱন্তপুৰম এয়াপৰপৰ্টক পিপিপি মডেলৰ অধীনত ৫০ বছৰলৈ ব্যক্তিগত কোম্পানীক গটাব মোদী চৰকাৰে।

  • Share this:
এইবাৰ দেশৰ তিনিটা বিমানবন্দৰক ব্যক্তিগতকৰণ কৰাৰ সিদ্ধন্তক কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে। জয়পুৰ, গুৱাহাটী আৰু তীৰুৱন্তপুৰম বিমানবন্দৰক পিপিপি মডেলৰ অধীনত ৫০ বছৰলৈ ব্যক্তিগত কোম্পানীক গটাবলৈ মোদী চৰকাৰে সিদ্ধান্ত ল’লে।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে এই সন্দৰ্ভত কয় যে, ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে লাভ কৰিব ১০৭০ কোটি টকা। এই ধনৰাশি এয়াৰপৰ্ট অথৰিটী অৱ ইণ্ডিয়াই দেশৰ সৰু সৰু চহৰত বিমানবন্দৰ নিৰ্মাণত খৰচ কৰিব। লগতে যাত্ৰীসকলেও বহু সুবিধা লাভ কৰিব।

কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ ‘পি পি পি’ মডেলৰ অধীনত পৰিচালনা, বিকাশৰ বাবে লক্ষ্নৌ, আহমেদাবাদ, জয়পুৰ, মেংগালুৰু, তীৰুৱন্তপুৰম আৰু গুৱাহাটী বিমানবন্দৰ ব্যক্তিগত প্ৰতিষ্ঠানত হাতত অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছিল।

কিয় লোৱা হ’ল এই সিদ্ধান্ত?

জানিব পৰা মতে, এয়াৰপৰ্ট লীজত দিয়াৰ ফলত বিনিয়োগ বৃদ্ধি পাব। এয়াৰপৰ্ট চলোৱাত হোৱা লোকচানৰ পৰিমাণো হ্ৰাস পাব। উল্লেখযোগ্য যে, এয়াৰপৰ্ট অথৰিটী অৱ ইণ্ডিয়াৰ হাতত এতিয়াও শতাধিক বিমানবন্দৰ আছে। ইয়াৰে ৯০টাৰো অধিক লোকচানত চলি আছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি