• Home
  • »
  • News
  • »
  • nation
  • »
  • AFSPA: নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় AFSPA; ৰাজ্যখনক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ 

AFSPA: নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় AFSPA; ৰাজ্যখনক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ 

সাংকেতিক ছবি

সাংকেতিক ছবি

ডিচেম্বৰৰ ৩০ তাৰিখৰ পৰা ৬ মাহৰ কাৰণে এখন ৰাজপত্ৰিত জাননীৰ যোগেদি পুনৰ নাগালেণ্ডক অশান্ত  অঞ্চল (Disturbed Area) হিচাপে চিহ্নিত কৰিলে । Armed Forces Special Power Act 1958 চমুকৈ AFSPA দফা ৩য়ে কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে ।

  • Share this:
নাগালেণ্ড (Nagaland)ক পুনৰ অশান্ত অঞ্চল ঘোষণা কৰি AFSPA প্ৰত্যাহাৰৰ  সম্ভাৱনা কাৰ্যত নুই কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণাল (Union Home Ministry)য়ে । ডিচেম্বৰৰ ৩০ তাৰিখৰ পৰা ৬মাহৰ কাৰণে এখন ৰাজ-পত্ৰিত জাননীৰ যোগেদি ৰাজ্যখনক অশান্ত  অঞ্চল (Disturbed Area) হিচাপে চিহ্নিত কৰিলে । সামৰিক বাহিনী (বিশেষ অধিকাৰ) আইন ১৯৫৮ অৰ্থাৎ Armed Forces Special Power Act 1958 চমুকৈ AFSPAৰ দফা ৩য়ে কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি গৃহ মন্ত্ৰণালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে । গতিকে অতি কমেও ৬মাহৰ কাৰণে প্ৰৱল বিৰোধিতাৰ মাজতো ৰাজ্যখনত বাহাল থাকিব AFSPA ।

চৰকাৰী জাননীখনত উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ মতে সমগ্ৰ নাগালেণ্ড ৰাজ্যৰ পৰিস্থিতি এনে ভাৱে ভয়ংকৰ আৰু অশান্ত হৈ পৰিছে যে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীক সেনা বাহিনীৰ সহযোগৰ প্ৰয়োজন হ’ব । সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

উল্লেখযোগ্য যে নাগালেণ্ডৰ মন জিলা (Mon District)ত সেনা বাহিনীৰ হাতত ১৪জন নিৰীহ লোকৰ প্ৰাণ যোৱাৰ পিছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই আইনখন বাতিলৰ দাবী উত্থাপন হৈছিল । নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ (Neiphio Rio)ইও আইনখন বাতিলৰ পোষকতা কৰিছিল । নাগালেণ্ড বিধানসভাই এই সন্দৰ্ভত এক প্ৰস্তাৱো গ্ৰহণ কৰিছিল । ইয়াৰ উপৰিও আইনখন বাতিলৰ পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ২৬ ডিচেম্বৰ তাৰিখে এখন উচ্চ  পৰ্যায়ৰ কমিটিও গঠন কৰি দিছিল । ভাৰতৰ মহা পঞ্জীয়ক, নাগালেণ্ডৰ মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধান, নাগালেণ্ডত নিয়োজিত অৰ্ধ সামৰিক বাহিনীৰ মূৰব্বী, সেনা বাহিনী, গৃহ মন্ত্ৰণালয় আৰু চোৰাংচোৱা সংস্থাৰ প্ৰতিনিধিকলৈ এই কমিটিখন গঠন কৰা হৈছিল । কমিটিয়ে ৪৫ দিনত প্ৰতিবেদন দিয়াৰ কথা আছিল ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

উল্লেখযোগ্য যে নাগালেণ্ডৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আইনখন বাতিলৰ দাবী উত্থাপন কৰিছিল ।
Published by:Manjumoni Borah
First published: