জানুৱাৰীৰ পৰা হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব কেন্দ্ৰই!

এই আইনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় প্ৰতাৰণাৰ বলি হৈ ভাৰতত আশ্ৰয় লোৱা লোকসকলক প্ৰদান কৰা হ’ব নাগৰিকত্ব।
এই আইনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় প্ৰতাৰণাৰ বলি হৈ ভাৰতত আশ্ৰয় লোৱা লোকসকলক প্ৰদান কৰা হ’ব নাগৰিকত্ব।
- News18 Assam
- Last Updated: December 6, 2020, 1:01 PM IST
শনিবাৰে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজয়বৰ্গীয়ই কয়, ‘‘নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত হৈছিল। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে বহুতে এই আইনখনৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। বিজেপি চৰকাৰে ২০২১ চনৰ জানুৱাৰীৰ পৰা হিন্দু বাংলাদেশী শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত লৈছে।’’
এই আইনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় প্ৰতাৰণাৰ বলি হৈ ভাৰতত আশ্ৰয় লোৱা লোকসকলক প্ৰদান কৰা হ’ব নাগৰিকত্ব। ক’লে কৈলাশ বিজয়বৰ্গীয়ই।
Most probably from January the process of granting citizenship to refugees under CAA will be started by BJP government: BJP General Secretary & West Bengal In-charge Kailash Vijayvargiya. (5.12) pic.twitter.com/KDHl96PLBi
— ANI (@ANI) December 6, 2020
উল্লেখযোগ্য যে অসমতো এই আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছিল। বিভিন্ন দল–সংগঠনে জাতিদ্ৰোহী আইনখনৰ বিৰুদ্ধে অসমৰ ৰাজপথ কঁপাই তুলিছিল। এই আইনবিৰোধী প্ৰতিবাদত শ্বহীদ হৈছিল অসমৰ ৫জনকৈ যুৱক।