এতিয়াৰ পৰা প্রদূষণ কৰিলে ৫ বছৰ পর্যন্ত জে’ল, ভৰিব লাগিব ১ কোটি টকা পৰ্যন্ত জৰিমনা

News18 Assam | News18-Assam
Updated:October 29, 2020, 5:05 PM IST
এতিয়াৰ পৰা প্রদূষণ কৰিলে ৫ বছৰ পর্যন্ত জে’ল, ভৰিব লাগিব ১ কোটি টকা পৰ্যন্ত জৰিমনা
এই আয়োগে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰদান কৰা নির্দেশ ব্যক্তি অথবা প্ৰতিষ্ঠানে অমান্য কৰিলে ৫ বছৰ পৰ্যন্ত জে’ল আৰু ১ কোটি টকা পৰ্যন্ত জৰিমনা হ’ব।

এই আয়োগে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰদান কৰা নির্দেশ ব্যক্তি অথবা প্ৰতিষ্ঠানে অমান্য কৰিলে ৫ বছৰ পৰ্যন্ত জে’ল আৰু ১ কোটি টকা পৰ্যন্ত জৰিমনা হ’ব।

  • Share this:
দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰত বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ কেন্দ্ৰই গ্ৰহণ কৰিছে ঐতিহাসিক পদক্ষেপ। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধ্যাদেশ। এই অধ্যাদেশ অনুসৰি এখন Air Quality Management Commission গঠন কৰা হ’ব যি দিল্লীকে ধৰি চুবুৰীয়া ৰাজ্য ক্ৰমে হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানক সাঙুৰি ল’ব।

এই আয়োগে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰদান কৰা নির্দেশ ব্যক্তি অথবা প্ৰতিষ্ঠানে অমান্য কৰিলে ৫ বছৰ পৰ্যন্ত জে’ল আৰু ১ কোটি টকা পৰ্যন্ত জৰিমনা হ’ব।

আয়োগৰ মুৰব্বী বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে নিৰ্ণয় কৰিব। থাকিব পৰিবহণ আৰু বাণিজ্য মন্ত্ৰণালয়ৰো সদস্য। কেবনেট সচিব এজন অন্যতম সদস্য হ’ব। এই আয়োগত ১৮জন সদস্য থাকিব। তাৰে ১০জন চৰকাৰী বিষয়া–আমোলা আৰু ৮জন পৰিৱেশ বিশেষজ্ঞ আৰু পৰিৱেশ কৰ্মী হ’ব। আয়োগে Stubble Burning, Vehicular pollution, dust pollution আদি প্ৰতিৰোধ কৰাৰ দিশত কাম কৰিব।
Published by: Sanjay Kumar Das
First published: October 29, 2020, 5:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading