• Home
  • »
  • News
  • »
  • nation
  • »
  • Omicron Variant : আকৌ হ’ব নেকি নৈশ কাৰ্ফিউ! নৱবৰ্ষ–বৰদিনৰ প্ৰাকক্ষণত ৰাজ্যসমূহলৈ কি নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ?

Omicron Variant : আকৌ হ’ব নেকি নৈশ কাৰ্ফিউ! নৱবৰ্ষ–বৰদিনৰ প্ৰাকক্ষণত ৰাজ্যসমূহলৈ কি নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ?

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা এক পত্ৰত স্থানীয় আৰু জিলা পৰ্যায়ত সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কীয় নীতি–নিয়ম কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা এক পত্ৰত স্থানীয় আৰু জিলা পৰ্যায়ত সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কীয় নীতি–নিয়ম কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা এক পত্ৰত স্থানীয় আৰু জিলা পৰ্যায়ত সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কীয় নীতি–নিয়ম কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে।

  • Share this:
দেশত ক্ৰমান্বয়ে বাঢ়িছে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে ২০০ৰ ঘৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই। সেয়েহে অমিক্ৰনক লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক সতৰ্ক কৰি দি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা কোৱা হৈছে যে অমিক্ৰনত আক্ৰান্তৰ সংখ্যাই ২০০ৰ ঘৰ অতিক্ৰম কৰিলে। এনে সময়ত ইয়াক প্ৰতিৰোধ কৰিবৈ ব্যৱস্থা গ্ৰহণ কৰা উচিত।

আনহাতে, সমাগত বৰদিন আৰু নতুন বছৰক আদৰাৰ নামত অনুষ্ঠিত হ’বলগীয়া উৎসৱমুখৰ পৰিৱেশত অমিক্ৰন অধিক সংক্ৰমিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে। সেয়ে এই সময়ছোৱাত অমিক্ৰনক প্ৰতিৰোধ কিদৰে কৰিব পাৰি তাৰ বিষয়ে চিন্তা–চৰ্চা কৰিবলৈ কোৱা হৈছে। প্ৰয়োজনত নৈশ কাৰ্ফিউৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা এক পত্ৰত স্থানীয় আৰু জিলা পৰ্যায়ত সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কীয় নীতি–নিয়ম কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে কৰ্ণাটকে ৩০ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ কোনো সমদল বাহিৰ কৰা বা অনুষ্ঠান আয়োজনৰ অনুমতি প্ৰদান নকৰে। নৱবৰ্ষ উদযাপনৰ ওপৰতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা।

আনহাতে, মুম্বাইত বিএমচিয়ে খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ পাৰ্টী পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। ৰাজহুৱা অনুষ্ঠানত উপস্থিত থকাৰ নিয়মবোৰ কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে। মানুহক ভিৰ পৰিত্যাগ কৰিবলৈ কোৱা হৈছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি