• Home
  • »
  • News
  • »
  • nation
  • »
  • Nitin Gadkari: অতি শীঘ্ৰেই গাড়ীৰ হৰ্ণৰ ঠাইত শুনিব বাঁহী, তবলা, ভায়’লিন, মাউথ অৰ্গেন...আৰক্ষীৰ গাড়ী আৰু এম্বুলেন্সত বাজিব এই বিশেষ সংগীত, নতুন আইনক লৈ কি ক’লে গাডকাৰীয়ে?

Nitin Gadkari: অতি শীঘ্ৰেই গাড়ীৰ হৰ্ণৰ ঠাইত শুনিব বাঁহী, তবলা, ভায়’লিন, মাউথ অৰ্গেন...আৰক্ষীৰ গাড়ী আৰু এম্বুলেন্সত বাজিব এই বিশেষ সংগীত, নতুন আইনক লৈ কি ক’লে গাডকাৰীয়ে?

Representative Image

Representative Image

Nitin Gadkari: গাড়ীৰ বিকট শব্দৰ হৰ্ণক লৈ বিতুষ্ট পৰিবহনমন্ত্ৰী নীতিন গাডকাৰী। (Transport Minister), টোলক লৈও হ’ব নতুন নিয়ম।

  • Share this:
গাড়ীৰ হৰ্ণৰ বিকট শব্দক লৈ আপত্তি দেখুৱাই কেন্দ্ৰীয় মন্ত্ৰীয়ে চৰ্চা কৰিছে ইয়াৰ বিকল্পৰ। কেন্দ্ৰীয় পথ তথা পৰিবহন মন্ত্ৰী (Road and Transport Minister) নীতিন গাডকাৰীয়ে সোমবাৰে এই সন্দৰ্ভত এক নতুন আইন অনাৰ চিন্তাভাৱনাৰ কথা প্ৰকাশ কৰে। এই আইনমতে কেৱল ভাৰতীয় সংগীতহে গাড়ীৰ হৰ্ণ হিচাপে ব্যৱহাৰ হ’ব। লগতে তেওঁ কয় যে, সাংবাদিকেও টোল দিয়া উচিত। আনকি মন্ত্ৰীসকলেও এই ক্ষেত্ৰত ৰেহাই পাব নালাগে।

মহাৰাষ্ট্ৰৰ নাছিকত এক হাইৱেৰ উদ্ধোধনী অনুষ্ঠানত সোমবাৰে গাডকাৰীয়ে (Nitin Gadkari) জনায়, এম্বুলেন্স তথা আৰক্ষীৰ যান–বাহনত ব্যৱহৃত চাইৰেনো যদি অল ইণ্ডিয়া ৰেডিঅ’ত ব্যৱহৃত তুলনামূলকভাৱে কোনো শ্ৰুতিমধুৰ শব্দৰে ৰদ–বদল কৰিব পৰা যায় নে কি তাৰো চিন্তা কৰা হৈছে।

পৰিবহন মন্ত্রী (Road and Transport Minister Nitin Gadkari) গাডকাৰীয়ে কয়, অল ইণ্ডিয়া ৰেডিঅ’ত পুৱাৰ ভাগত যি সংগীত পৰিৱেশন কৰা হয় সেয়া এম্বুলেন্সৰ ঠাইত ব্যৱহাৰ কৰিব পৰা যায় নে কি সেয়া চাই থকা হৈছে। মন্ত্রীসকলৰ গাড়ীত ব্যৱহৃত চাইৰেণৰ শব্দও সলনি কৰাৰ চিন্তা কৰাৰ কথা তেওঁ জনায়। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে (Transport Minister) কয় যে, কোনোবা মন্ত্ৰীৰ গাড়ী কাষেৰে পাৰ হৈ গ’লে মানুহে বিৰক্তি প্ৰকাশ কৰে , সেয়া বাঞ্চনীয় নহয়।

নীতিন গাডকাৰীৰ মতে, "এজন শিল্পীয়ে আকাশবাণীৰ কাৰণে  (Akashvani –All Indian Radio) সুৰ প্ৰস্তুত কৰিছিল আৰু সেয়া পুৱাৰ ভাগত চলোৱা হয়। মই ভাবিছো যে সেই সুৰক এম্বুলেন্সনৰ ছাইৰেণৰ শব্দৰে সলাই দিব পাৰিলে মানুহৰ কাৰণে শুনিবলৈ ভাল হ’ব। বৰ্তমান এয়া ইমানেই বিৰক্তিকৰ যে কাষেৰে গাড়ীখন পাৰ হৈ হ’লে কাণদুখনৰো ক্ষতি হয়।"

তেওঁ আৰু ক, "মই চাই আছো আৰু অতি শীঘ্ৰেই এনে এক আইন প্ৰস্তুত কৰিম যাতে সকলো গাড়ীয়ে ভাৰতীয় সাংগীতিক বাদ্য হৰ্ণৰ ঠাইত ব্যৱহাৰ কৰে। বাঁহী, ভায়’লিন, মাউথ অৰ্গেন, তবলা, হাৰমনিয়ামৰ শব্দ বাজিব পাৰে গাড়ীৰ ভোঁ–ভোঁ, পোঁ–পোঁ শব্দৰ ঠাইত। মানুহে শুনি ভাল পাব।"
First published: