মুখ্যপৃষ্ঠা »খবৰ »দেশ »Bipin Rawat Cremation: CDS বিপিন ৰাৱটৰ অন্তিম যাত্ৰা, জনতাই দিলে- 'ভাৰত মাতা কি জয়' শ্লোগান, শোকস্তব্ধ দেশবাসী

Bipin Rawat Cremation: CDS বিপিন ৰাৱটৰ অন্তিম যাত্ৰা, জনতাই দিলে- 'ভাৰত মাতা কি জয়' শ্লোগান, শোকস্তব্ধ দেশবাসী

চিডিএচ বিপিন ৰৱট আৰু তেওঁৰ পত্নীৰ অন্তিম সত্‍কাৰ শুকুৰবাৰে দিল্লীত কৰা হ'ব। ৰাৱটৰ অন্তিম সত্‍কাৰত ৮০০ সেনাবাহিনীৰ লোক উপস্থিত থাকিব। বিয়লি ৪ বজাত অনুষ্ঠিত হ'ব অন্তিম সত্‍কাৰ।

  • Share this:
কিছু সময়ৰ পিছতে দিল্লীত অনুষ্ঠিত হ'ব দেশ প্ৰথমগৰাকী প্ৰতিৰক্ষা মুৰব্বী বিপিন ৰাৱট(Bipin Rawat)ৰ অন্তিম সত্‍কাৰ। ইতিমধ্যে সমদল কৰি লৈ অনা হৈছে প্ৰয়াত চিডিএচগৰাকীৰ নশ্বৰ দেহ। যাত্ৰা কালত সকলোৱে জয় শ্ৰী ৰাম ধ্বনি দিয়া পৰিলক্ষিত হৈছে। ৰাৱটৰ অন্তিম সংস্কাৰত ৮০০ সেনাবাহিনীৰ লোক উপস্থিত থাকিব। বিয়লি ৪ বজাত অনুষ্ঠিত হ'ব অন্তিম সত্‍কাৰ।

দেশৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিন ৰাৱট (CDS Bipin Rawat)ৰ লগতে তামিলনাডুত সংঘটিত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা (Army Helicopter Crash)ৰ পিছত আজিও শোকস্তব্ধ হৈ আছে সমগ্ৰ দেশ। বুধবাৰে তামিলনাডু (Tamilnadu)ৰ কুন্নুৰৰ সমীপত দুৰ্ঘটনাত জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নীৰ লগতে আন ১১গৰাকী বীৰ সৈনিকৰ কৰুণ মৃত্যু হয়। বৃহস্পতিবাৰে সন্ধিয়া আটাইকেইজনৰে নশ্বৰ দেহ নতুন দিল্লীলৈ অনা হয়।

বৃহস্পতিবাৰে সন্ধিয়া দিল্লীৰ পালম বিমান বন্দৰত বিপিন ৰাৱটলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনায় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)য়ে। প্ৰয়াত ৰাৱটৰ লগতে তেওঁৰ পত্নী আৰু নিহত অন্য ১১গৰাকী সৈনিকলৈও শেষ শ্ৰদ্ধাঞ্জলি যাঁচে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, সেনা প্ৰধান এমএম নাৰাৱণে, নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰ আৰু এয়াৰ চীফ মাৰ্শ্বাল বিবেক ৰাম চৌধুৰীয়েও দিল্লীত আটাইকেইজনলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনায়।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি