உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Gen Bipin Rawat's Daughters : পিতৃ-মাতৃ দুয়োকে একেলগে হেৰুৱালে দুই কন্যাই, জেনেৰেল বিপিন ৰাৱটৰ আছিল দুগৰাকী কন্যা

    Gen Bipin Rawat's Daughters : পিতৃ-মাতৃ দুয়োকে একেলগে হেৰুৱালে দুই কন্যাই, জেনেৰেল বিপিন ৰাৱটৰ আছিল দুগৰাকী কন্যা

    জেনেৰেল বিপিন ৰাৱটৰ পত্নী মধুলিকা ৰাৱট আৰু দুই কন্যা

    জেনেৰেল বিপিন ৰাৱটৰ পত্নী মধুলিকা ৰাৱট আৰু দুই কন্যা

    Gen Bipin Rawat's Daughters : CDS জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ দুগৰাকী কন্যা সন্তান আছে। এগৰাকী কন্যাৰ নাম কৃতিকা ৰাৱট আৰু আনগৰাকীৰ নাম তাৰিনি।

    • Share this:
    ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (Chief oh Defense Staff, CDS) জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱট (Madhulika Rawat)ৰ লগতে  আন ১১ গৰাকী জোৱানৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশবাসীক শোকাকুল কৰি তুলিছে। তামিলনাডুৰ কুন্নুৰত হেলিকপ্টাৰ দুৰ্ঘটনা (Army Chopper Crash in Tamilnadu)ত বিপিন ৰাৱট আৰু পত্নী মধুলিকা ৰাৱটে একেলগে শেষ নিশ্বাস ত্যাগ কৰিলে। সমানেই দুখৰ খবৰ যে দুগৰাকী কন্যাই একেদিনাই হেৰুৱাবলগীয়া হ'ল নিজৰ পিতৃ-মাতৃক।



    CDS জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ দুগৰাকী কন্যা সন্তান আছে। এগৰাকী কন্যাৰ নাম কৃতিকা ৰাৱট আৰু আনগৰাকীৰ নাম তাৰিনি। আজি এই শোকাৱহ ঘটনাৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh) বিপিন ৰাৱটৰ দিল্লীস্থিত ঘৰলৈ গৈ কৃতিকা ৰাৱটৰ সৈতে কথা-বতৰা পাতে আৰু সমবেদনা জ্ঞাপন কৰে।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ৰ লগতে দেশৰ সকলো নেতা-মন্ত্ৰীয়ে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে। কাইলৈ জেনেৰেল বিপিন ৰাৱটৰ নশ্বৰ দেহ দিল্লীলৈ অনা হ'ব।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: