• Home
  • »
  • News
  • »
  • nation
  • »
  • Chopper crashed in Tamil Nadu- নিহতৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, বিপিন ৰাৱটৰ হেলিকপ্টাৰ ক্ৰেচকলৈ সংসদত বক্তব্য ৰাখিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

Chopper crashed in Tamil Nadu- নিহতৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, বিপিন ৰাৱটৰ হেলিকপ্টাৰ ক্ৰেচকলৈ সংসদত বক্তব্য ৰাখিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

জেনেৰেল বিপিন ৰাৱট

জেনেৰেল বিপিন ৰাৱট

তামিলনাডুৰ কুন্নুৰত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত (Tamil Nadu Helicopter Crash) পতিত হোৱাৰ তথ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (Narendra Modi) জনালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh)।

  • Share this:
Tamil Nadu Helicopter Crash- তামিলনাডুৰ হেলিকপ্টাৰ ক্ৰেচত মৃত্যু হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে। ধ্বংস হোৱা বিমানখনত আছিল চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱট, তেওঁৰ পত্নীসহ ১৪জন লোক আছিল।

ইফালে তামিলনাডুৰ কুন্নুৰত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত (Tamil Nadu Helicopter Crash) পতিত হোৱাৰ তথ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (Narendra Modi) জনালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh)। ইয়াৰ পিছতে কেন্দ্ৰীয় কেবিনেটৰ এখন জৰুৰীকালীন বৈঠক আহ্বান কৰা হয়।

তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে বিয়লি ৫ বজাত কুন্নৰলৈ ৰাওনা হব। ভাৰতীয় বায়ুসেনাই দুৰ্ঘটনাৰ পিছতে এক বিজ্ঞপ্তিযোগে জনায় যে চিডিএছ জেনেৰেল বিপিন ৰাৱটক কঢ়িয়াই নিয়া এখন IAF Mi-17V5 হেলিকপ্টাৰ তামিলনাডুৰ কুন্নুৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি