তামিলনাডুৰ নীলগিৰি পাহাৰৰ অৰণ্যৰ মাজত হেলিকপ্টাৰ দুৰ্ঘটনাত ( crash of an Indian Air Force Mi-17 helicopter) পতিত হৈ শ্বহীদ হোৱা বিপিন ৰাৱাটৰ মৃত্যুক লৈ দেশৰ লগতে শোকস্তব্ধ পৰিয়ালবৰ্গও। বিপিট ৰাৱাটৰ জন্ম হৈছিল ১৬ মাৰ্চ, ১৯৫৮ চনত উত্তৰাখণ্ডৰ এটা ৰাজপুত পৰিয়ালত। ভাৰতীয় প্ৰতিৰক্ষা সেৱাত তেওঁ পৰিয়ালৰ পূৰ্বৰে পৰা অৱদান আছিল। ৰাৱাটৰ পূৰ্বৰ তিনি প্ৰজন্মই ইতিমধ্যে দেশৰ বাবে সেৱা আগবঢ়াইছিল।
তেওঁৰ পিতৃ লক্ষ্মণ সিং ৰাৱাট আছিল ভাৰতীয় স্থল সেনাৰ লেফটেনেণ্ট কৰ্নেল। আনহাতে ৰাৱাটৰ খুৰা ভাৰত সিং ৰাণাৱট আছিল এগৰাকী হাবিলদাৰ। মাতৃ আছিল উত্তৰকাশীৰ প্ৰাক্তন বিধায়কৰ জীয়াৰী। স্বাভাৱিকতে এক সমাজসেৱাৰে জড়িত পৰিয়ালৰ মাজত ডাঙৰ-দীঘল হৈছিল বিপিন ৰাৱাট (General Bipin Rawat)।
ৰাৱাটৰ স্কুলীয়া শিক্ষা ডেৰাডুনৰ কেম্ব্ৰিয়ান হল স্কুল (Cambrian Hall School) আৰু চিমলাৰ চেন্ট এডৱাৰ্ড স্কুলত। ইয়াৰ পিছত নেচনেল ডিফেঞ্চ একাডেমী খাদাকৱাচালা (National Defence Academy, Khadakwasla) আৰু ইণ্ডিয়ান মিলিটেৰী একাডেমী শিক্ষাগ্ৰহণ কৰে। ভাৰতীয় সেনাত ১৬ ডিচেম্বৰ ১৯৭৮ত ছেকেণ্ড লেফটেনেণ্ট ৰূপে যোগদান কৰে।
সামৰিক দিশত অনেক অভিজ্ঞাতাৰে পুষ্ট আছিল জেনেৰেল বিপিন ৰাৱাট ৷ তেওঁ দেশৰ পূব খণ্ডৰ লাইন অৱ এক্সুৱেল কন্ট্ৰ’লতো কমাণ্ডাৰ হিচাপে নিয়োজিত আছিল। কাশ্মীৰ উপত্যকাত ৰাষ্ট্ৰীয় ৰাইফলচত কমাণ্ডাৰৰ পৰা ডেমক্ৰেটিক ৰিপাব্লিক কংগোত সপ্তম পৰ্যায়ৰ অভিযানত এটা ব্ৰিগেডৰ কমাণ্ডাৰ, উত্তৰ-পূৰ্বাঞ্চলত ক্ৰমে ভাৰতীয় সেনাৰ ইনফেন্ট্ৰি ডিভিজন আৰু কৰ্পচ কামাণ্ডাৰৰ লগতে নাগালেণ্ডৰ ডিমাপুৰত সেনাৰ থ্ৰী কৰ্পছৰ লেফটেনেণ্ট জেনেৰেল হিচাপেও নিযুক্ত আছিল। মাত্ৰ ৬৩ বছৰীয়া জীৱনৰ ৪৩টা বছৰ দেশৰ সেৱাত কটায় ৰাৱটে।
ৰাৱাটৰ সৈতে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুবৰণ কৰা পত্নী মধুলিকা ৰাৱট ( Dr Madhulika Rawat) ৰ সৈতে ১৯৮৫ চনত বিবাহপাশত আবদ্ধ হৈছিল ৰাৱাট। পত্নী মধুলিকা ৰাৱট দিল্লী বিশ্ববিদ্যালয়ৰ মনস্তত্ত্ব বিষয়ত স্নাতক আছিল। তেওঁ ভাৰতৰ প্ৰখ্যাত স্বেচ্ছাসেৱী সংগঠন আৰ্মী ৱাইভছ ৱেলফেয়াৰ এছোচিয়েচন (AWWA)ৰ সভাপতি ৰূপে সমাজ সেৱা কৰিছিল। তেওঁ বিশেষকৈ ভাৰতীয় সেনাৰ বিধৱা পত্নী, বিশেষভাৱে সক্ষম লৰা-ছোৱালী আৰু কৰ্কট ৰোগীৰ বাবে বহুখিনি অৱদান আগবঢ়াইছিল। ৰাৱাট দম্পতীৰ সন্তান দুই জীয়াৰী কৃতিকা ৰাৱট আৰু তাৰিনিয়ে একেলগে পিতৃ-মাতৃক হেৰুৱাই স্বাভাৱিকতে শোকস্তব্ধ।
ৰাৱাটে ১ জানুৱাৰী ২০২০ত দেশৰ তিনিটা প্ৰতিৰক্ষা বিভাগ নৌ-স্থল-বায়ুৰ মুৰব্বী ৰূপে দায়িত্ব পালন কৰে। দেশৰ তেওঁ প্ৰথমগৰাকী চীফ অৱ ডিফেঞ্চ ষ্টাফ (CDS) আছিল আৰু এই পদত থাকিয়েই শ্বহীদ হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।