মুখ্যপৃষ্ঠা »খবৰ »দেশ »CDS Bipin Rawat: মাজআকাশত হঠাৎ ভাঙি পৰিল সেনাৰ হেলিকপ্তাৰ, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰত পত্নীসহ আছিল CDS বিপিন ৰাৱাট

CDS Bipin Rawat: মাজআকাশত হঠাৎ ভাঙি পৰিল সেনাৰ হেলিকপ্তাৰ, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰত পত্নীসহ আছিল CDS বিপিন ৰাৱাট

Indian Army Helicopter Crashes in Tamil Nadu: সংবাদ সংস্থা এএনআইৰ মতে, বিষয়াজনৰ সৈতে তেওঁৰ পৰিয়ালৰ সদস্যও হেলিকপ্টাৰত আছিল

Indian Army Helicopter Crashes in Tamil Nadu: সংবাদ সংস্থা এএনআইৰ মতে, বিষয়াজনৰ সৈতে তেওঁৰ পৰিয়ালৰ সদস্যও হেলিকপ্টাৰত আছিল

Indian Army Helicopter Crashes in Tamil Nadu: সংবাদ সংস্থা এএনআইৰ মতে, বিষয়াজনৰ সৈতে তেওঁৰ পৰিয়ালৰ সদস্যও হেলিকপ্টাৰত আছিল

  • Share this:
তামিলনাডুৰ কুনুৰত সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়৷ হেলিকপ্টাৰখনত চিডিএছ বিপিন ৰাৱাট থকাৰ কথা নিশ্চিত কৰিছে সেনাই। ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে। দুৰ্ঘটনাটোৰ ক্ষয়ক্ষতিৰ বিৱৰণ এতিয়াও জানিব পৰা হোৱা নাই৷ খবৰ মতে, তামিলনাডুৰ কুনুৰত ভাৰতীয় সেনাৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। উদ্বেগজনক বিষয় যে হেলিকপ্তাৰখনত চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট পত্নীসহ হেলিকপ্টাৰত উপস্থিত আছিল। বাহনখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইখনত এখন অৰণ্য আৰু সমগ্ৰ  বনাঞ্চল ধোঁৱাৰে আগুৰি ধৰিছে।


এইখন Mi-17V5 হেলিকপ্তাৰ আছিল য’ত ৰাৱাট আৰু পত্নীসহ মুঠ ১৪জন লোক আছিল। আজটকৰ বাতৰি অনুসৰি তেওঁলোকৰ দুজনৰ মৃত্যু হৈছে। তিনিজন লোকক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে, সকলোকে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

সূত্ৰ অনুসৰি, বিপিন ৰাৱাটৰ সৈতে তেওঁৰ পত্নী মধুলিকা ৰাৱট হেলিকপ্টাৰত আছিল। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত বিপিন ৰাৱাট, তেওঁৰ পত্নী, এজন ব্ৰিগেডিয়াৰ ৰেংকৰ বিষয়া, আন এজন বিষয়া আৰু দুজন পাইলট উপস্থিত আছিল।

এতিয়ালৈকে এই হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা তিনিজন লোকক স্থানান্তৰ কৰা হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, বেয়া বতৰৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল। আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ বাবে ওচৰৰ সেনাৰ ৱেলিংটন বেচলৈ লৈ যোৱা হৈছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assameseী

শেহতীয়া বাতৰি