মুখ্যপৃষ্ঠা »খবৰ »দেশ »ৰাখে হৰি মাৰে কোনে! মাতৃয়ে নলালৈ দলিওৱা কন্যা সন্তান উদ্ধাৰ কৰিলে পথৰ কুকুৰে

ৰাখে হৰি মাৰে কোনে! মাতৃয়ে নলালৈ দলিওৱা কন্যা সন্তান উদ্ধাৰ কৰিলে পথৰ কুকুৰে

হাৰিয়ানাৰ কৈথালত সংঘটিত হৈছে এই ঘটনা।

হাৰিয়ানাৰ কৈথালত সংঘটিত হৈছে এই ঘটনা।

  • News18
  • Last Updated :
  • Share this:
    ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে? এই কথাষাৰি আকৌ এবাৰ সত্য প্ৰমাণিত হ’ল। অলপতে পুৱা চাৰি বজাত পলিথিনৰ পেকেটত নৱজাতক কন্যা সন্তানক ভৰাই নলাত দলিয়াই দিছিল জন্মদাতৃ মাতৃয়ে। ডোগৰা গেটত মাতৃয়ে কন্যাক দলিয়াই থৈ যোৱাৰ দৃশ্য পৰা পথৰ কুকুৰৰ জাকে কন্যা সন্তানটিক উদ্ধাৰ কৰাৰ দৃশ্য বন্দী হ’ল চিচিটিভি কেমেৰাত। আৰক্ষীক ওচৰৰ মানুহে এই ঘটনাৰ খবৰ দিয়াৰ পিছত কন্যা সন্তানটিক লৰালৰিকৈ কৈথালৰ চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয়। কেমেৰাৰ চিচিটিভি ৰেকৰ্ডিং অনুসৰি আৰক্ষীয়ে এতিয়া অভিযুক্ত মাতৃগৰাকীৰ সন্ধান অব্যাহত ৰাখিছে।

    চিকিৎসকে জনোৱা মতে কন্যাসন্তানটিৰ ওজন এক কিলো ১০০ গ্ৰাম। কন্যাসন্তানটি সম্পূৰ্ণ সুস্থ হৈ উঠাৰ লগে লগে শিশু সংৰক্ষণ বিভাগক প্ৰদান কৰা হ’ব। ইয়াৰ পিছতে পঞ্চকুলাৰ অনাথ আশ্ৰমলৈ প্ৰেৰণ কৰা হ’ব কন্যাশিশুটিক।

    এইমুহূৰ্তত প্ৰশ্ন উঠিছে জীৱশ্ৰেষ্ঠ আচলতে কোন?

    শেহতীয়া বাতৰি