সাৱধান! ৰেষ্টুৰেণ্টৰ মহিলাৰ বাথৰুমত CCTV কেমেৰা, এগৰাকী মহিলাৰ চিঞৰ

News18 Assam | News18-Assam
Updated:February 7, 2020, 6:12 PM IST
সাৱধান! ৰেষ্টুৰেণ্টৰ মহিলাৰ বাথৰুমত CCTV কেমেৰা, এগৰাকী মহিলাৰ চিঞৰ
ৰেষ্টুৰেণ্টৰ বাথৰুমত সোমাওতে সাৱধান হওক

ৰেষ্টুৰেণ্টৰ বাথৰুমত সোমাওতে সাৱধান হওক

  • Share this:
ৰেষ্টুৰেণ্টৰ বাথৰুমত সোমাওতে সাৱধান হওক। দুষ্ট চক্ৰই সংস্থাপিত কৰিব পাৰে CCTVকেমেৰা। সংঘটিত হৈছে তেনে এক অনুৰূপ ঘটনা। বাথৰূমত CCTV কেমেৰা স্থাপন কৰি মনে মনে চাই আছিল মহিলাই গা ধোৱা। দীৰ্ঘ দিন ধৰি এখন ৰেষ্টুৰেণ্টত চলাই আহিছিল এনে ঘৃণনীয় কাণ্ড।

শুকুৰবাৰে  এগৰাকী মহিলাই বাথৰুমৰ ভিতৰত ধৰা পেলাই CCTV কেমেৰা থকাৰ কথা। পিছত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত, ওচৰৰ বহু লোক আহি ঘেৰাও কৰে ৰেষ্টুৰেণ্টখন। কিন্তু  ঘটনাৰ উমান পাই পলায়ন কৰে ৰেষ্টুৰেণ্টখনৰ কৰ্মচাৰী।

পিছত স্থানীয় ৰাইজৰ সহযোগত মহিলাগৰাকীয়ে ৰেষ্টুৰেণ্টখনৰ এজন কৰ্মচাৰীক ধৰি  আৰক্ষীক গটাই দিয়ে। আৰক্ষীৰ জেৰাত কৰ্মচাৰীজনে স্বীকাৰ কৰে সমগ্ৰ ঘটনাৰ কথা। ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগত। ইতিমধ্যে বাকী কেইজন ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
আৰু চাওক
পৰৱৰ্তী বাতৰি