ড্ৰাগছ সেৱন, সৰবৰাহৰ সৈতে জড়িত নেকি বিবেক অবেৰয়? ফ্লেটত আৰক্ষীয়ে চলালে তালাচী

News18 Assam | News18-Assam
Updated:October 15, 2020, 9:22 PM IST
ড্ৰাগছ সেৱন, সৰবৰাহৰ সৈতে জড়িত নেকি বিবেক অবেৰয়? ফ্লেটত আৰক্ষীয়ে চলালে তালাচী
Sandalwood Drugs Case:বিবেক অবেৰয় সম্বন্ধীয় আদিত্য আলভাৰৰ বিৰুদ্ধে ড্ৰাগছ সোৱনৰ অভিযোগত ছেপ্তেম্বৰ মাহত লুক আউট জাননী জাৰি কৰা হৈছিল।

Sandalwood Drugs Case:বিবেক অবেৰয় সম্বন্ধীয় আদিত্য আলভাৰৰ বিৰুদ্ধে ড্ৰাগছ সোৱনৰ অভিযোগত ছেপ্তেম্বৰ মাহত লুক আউট জাননী জাৰি কৰা হৈছিল।

  • Share this:
এইবাৰ ড্ৰাগছ সেৱন আৰু সৰবৰাহত সাঙোৰ খাইছে নেকি বলিউদৰ অভিনেতা বিবেক অবেৰয়ৰ নাম? বৃহস্পতিবাৰে অভিনেতাজনৰ মুম্বাইৰ ফ্লেটত বেংগালুৰু আৰক্ষীয়ে চলাই তালাচী। বিবেকৰ খুলখালী তথা পত্নীৰ ভাতৃ আদিত্য আলভা ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ। বিবেকৰ ঘৰত আদিত্যক বিচাৰি মূলত অভিযান চলাই বেংগালুৰু আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই।

কানাড়া ছবি পৰিচালক ইন্দ্ৰজিত্‍ লংকেশৰ মন্তব্য অনুসৰি, ড্ৰাগছ ৰেকেটৰ অন্যতম অভিযুক্ত আদিত্য আলভা। খবৰ অনুসৰি, আলভাই তেওঁৰ ভগ্নী প্ৰিয়ংকাৰ ঘৰত আত্মগোপন কৰি থকাৰ সন্দেহত বিবেক অবেৰয়ৰ ঘৰত তালাচী চলোৱা হয়।
Published by: Himangshu Bhuyan
First published: October 15, 2020, 9:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading