কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে শনিবাৰে দেশৰ কোভিড-১৯ মহামাৰীৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা দশম ব'ৰ্ড পৰীক্ষাৰ বাবে নম্বৰ নিৰ্ধাৰণ নীতি ঘোষণা কৰে। CBSE দশম ব'ৰ্ড পৰীক্ষাৰ ফলাফল জুনৰ তৃতীয় সপ্তাহত প্ৰকাশ কৰা হ'ব।
প্ৰতিবছৰৰ দৰে প্ৰতিটো বিষয়ত ২০ আভ্যন্তৰীণ নম্বৰ দিয়া হ'ব আনহাতে গোটেই বছৰটোত অনুষ্ঠিত হোৱা বিভিন্ন পৰীক্ষাৰ আধাৰত ৮০% নম্বৰ দিয়া হ'ব।
ইয়াত ৮০ নম্বৰৰ ক্ষেত্ৰতো সূত্ৰ আছে
ইউনিট পৰীক্ষাত পোৱা মূল্যায়নৰ পৰা ১০ নম্বৰ
ছয়মাহিলী পৰীক্ষা মূল্যায়নৰ পৰা ৩০ নম্বৰ
প্ৰাক-ব'ৰ্ড পৰীক্ষাৰ মূল্যাঙ্কনৰ পৰা ৪০ নম্বৰ
চিবিএছই পৰীক্ষা নিয়ন্ত্ৰক স্বয়ম ভৰদ্বাজে কয়, "বিদ্যালয়সমূহেও নিশ্চিত কৰিব লাগিব যে তেওঁলোকে প্ৰদান কৰা নম্বৰবোৰ দশম শ্ৰেণীৰ পূৰ্বৱৰ্তী ব'ৰ্ড পৰীক্ষাত বিদ্যালয়ৰ প্ৰদৰ্শনৰ সৈতে সামঞ্জস্যপূৰ্ণ। ফলাফল চূড়ান্ত কৰিবলৈ বিদ্যালয়সমূহে প্ৰধান শিক্ষকৰ নেতৃত্বত এখন আঠ জনীয়া সমিতি গঠন কৰিব লাগিব। ''
তেওঁ কয়, "মূল্যাঙ্কনত পক্ষপাত আৰু বৈষম্যমূলক মনোভাৱৰ সৈতে জড়িত বিদ্যালয়সমূহক জৰিমনা বিহা হ'ব বা তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব।"
Published by: Kokil Sarma
FIRST PUBLISHED : May 01, 2021, 22:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।