দেশত কোৰোণাৰ গ্ৰাফ ওপৰলৈ উঠিয়েই আছে। এনে পৰিস্থিতিত CBSE বোৰ্ড পৰীক্ষা সূচীত ব্যাপক সাল-সলনি কৰা হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ সৈতে প্ৰধানমন্ত্ৰী মোদী বৈঠকত বহাৰ পিছত দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হয়।
লগতে দ্বাদশ স্ৰেণীৰ বৰ্ডৰ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। জুন মাহত পৰিস্থিতি বিবেচনা কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৪ মেৰ পৰা হবলগীয়া CBSE বৰ্ড পৰীক্ষা বাতিল কৰাৰ আহ্বান জনাইছিল। ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়েও CBSEৰ বৰ্ড পৰীক্ষা কোৰোণা কালত অনুষ্ঠিত কৰা, নকৰাৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে চৰকাৰক চিন্তা কৰিবলৈ আহ্বান জনাইছিল।
ইফালে দেশত দ্ৰুতগতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত প্ৰায় ১ লাখ ৮০ হাজাৰ লোক কোৰোণাত আক্ৰান্ত হৈছে। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ মহাৰাষ্ট্ৰত জনতা কৰ্ফিউ ঘোষণা কৰা হৈছে। গতিকে সকলো দিশ পৰ্যালোচনা কৰি পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|