CBSEৰ ফলাফলত উজলিল অৰবিন্দ কেজৰিৱাল, স্মৃতি ইৰাণীৰ সন্তান

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ছচিয়েল মিডিয়াত আনন্দ প্ৰকাশ।

news18
Updated:May 3, 2019, 10:25 PM IST
CBSEৰ ফলাফলত উজলিল অৰবিন্দ কেজৰিৱাল, স্মৃতি ইৰাণীৰ সন্তান
পুত্ৰৰ সৈতে স্মৃতি ইৰাণী (টুইটাৰৰ পৰা সংগৃহীত)
news18
Updated: May 3, 2019, 10:25 PM IST
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পুত্ৰ পুলকিটে ২০১৭চনত দশম শ্ৰেণীৰ পৰীক্ষাতো ১০ কিউমুলেটিভ গ্ৰেড পইণ্ট এভাৰেজ লাভ কৰিছিল। ইংৰাজী, অংক, বিজ্ঞান, ছচিয়েল চায়েন্স আৰু হিন্দী বিষয়ত ১০CGPA লাভ কৰিছিল কেজৰিৱাল পুত্ৰই। বৃহস্পতিবাৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত মুখ্যমন্ত্ৰী কেজৰিৱালক অধিক গৌৰৱান্বিত কৰিছে মেধাৱী পুত্ৰই। গৰ্বিত অৰবিন্দ কেজৰিৱালে ঘোষণা কৰে পুত্ৰ পুলকিটে ৯৬.৪% নম্বৰ লাভ কৰাৰ কথা।

ফাইল ফটো


অৰবিন্দ কেজৰিৱালৰ দৰে বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীও আজি মাতৃ হিচাপে গৰ্বিত কাৰণ তেওঁৰ পুত্ৰই জোহৰেও ৯১% নম্বৰ লাভ কৰিছে।




মুখ্যমন্ত্ৰী কেজৰিৱালৰ পুত্ৰ পুলকিট ডিপিএছ–নয়দা ছেক্টৰ–৩০ৰ ছাত্ৰ। পুলকিটে দশম শ্ৰেণীৰ ফলাফলতো উন্নত প্ৰদৰ্শন কৰিছিল। দশম শ্ৰেণীৰ পৰীক্ষাত তেওঁ ১০ কিউমুলেটিভ গ্ৰেড পইণ্ট এভাৰেজ লাভ কৰিছিল। ইংৰাজী, অংক, বিজ্ঞান, ছচিয়েল চায়েন্স আৰু হিন্দী বিষয়ত ১০CGPA লাভ কৰিছিল কেজৰিৱাল পুত্ৰই।



CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা। ফলাফল উপলব্ধ হৈছে। ফলাফল উপলব্ধ হৈছে দুটাকৈ অফিচিয়েল ৱেবছাইট cbse.nic.in আৰু cbseresults.nic.in ত। এইবাৰ সমগ্ৰ দেশত সৰ্বমুঠ ৮৩.৪% ছাত্ৰ–ছাত্ৰী উত্তীৰ্ণ হৈছে। মুঠ ৯৮.২% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে তিৰুৱনন্তপুৰম।  আনহাতে ৯২.৯৩% শতাংশ উত্তীৰ্ণৰ হাৰেৰে চেন্নাইৰ স্থান দ্বিতীয়। ইণ্টাৰনেচনেল স্কুলৰ পৰা উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ৯৫.৪৩% ।
আৰু চাওক পৰৱৰ্তী বাতৰি