• Home
  • »
  • News
  • »
  • nation
  • »
  • তৃতীয়বাৰলৈ চিদাম্বৰমৰ বাসগৃহত CBIৰ দল, উচ্চতম ন্যায়ালয়ৰ শুনানিলৈ অপেক্ষাৰ আহ্বান চিদাম্বৰমৰ অধিবক্তাৰ

তৃতীয়বাৰলৈ চিদাম্বৰমৰ বাসগৃহত CBIৰ দল, উচ্চতম ন্যায়ালয়ৰ শুনানিলৈ অপেক্ষাৰ আহ্বান চিদাম্বৰমৰ অধিবক্তাৰ

INX মিডিয়া কেলেংকাৰীত দিল্লী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন খাৰিজ কৰাৰ পিছতে চিদাম্বৰমৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

INX মিডিয়া কেলেংকাৰীত দিল্লী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন খাৰিজ কৰাৰ পিছতে চিদাম্বৰমৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

INX মিডিয়া কেলেংকাৰীত দিল্লী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন খাৰিজ কৰাৰ পিছতে চিদাম্বৰমৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

  • Share this:
    গ্ৰেপ্তাৰ হ’ব পাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম। INX মিডিয়া কেলেংকাৰীত দিল্লী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন খাৰিজ কৰাৰ পিছতে চিদাম্বৰমৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। CBI আৰু EDৰ দলে মঙলবাৰে সন্ধিয়া চিদাম্বৰমৰ ঘৰত তালাচী চলাইছিল যদিও সেই সময়ত উপস্থিত নাছিল চিদাম্বৰম। ইয়াৰ পিছতে CBIৰ বিষয়াই চিদাম্বৰমৰ বাসগৃহৰ বাহিৰত জাননী আঁৰি দিছিল। জাননীত ২ ঘণ্টাৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল যদিও CBIৰ ওচৰত হাজিৰ নহ’ল প্ৰাক্তন মন্ত্ৰীগৰাকী।

    মঙলবাৰে নিশা দুবাৰকৈ অভিযান চলোৱাৰ পিছত আজি পুৱা পুনৰ চিদাম্বৰমৰ বাসগৃহত উপস্থিত হয় CBIৰ দল। কিন্তু আজিও বাসগৃহত নাছিল প্ৰাক্তন মন্ত্ৰীগৰাকী। ইফালে, চিদাম্বৰমৰ অধিবক্তাই CBIলৈ পত্ৰ লিখি জনায় যে চিদাম্বৰমৰ আবেদনৰ ওপৰত শুনানিৰ বাবে ১০.৩০ বজাত সময় নিৰ্ধাৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। সেয়েহে চিদাম্বৰমৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰি ১০.৩০ বজালৈ অপেক্ষা কৰাৰ অনুৰোধ জনায় অধিবক্তাই।

    উল্লেখযোগ্য যে মঙলবাৰে INX মিডিয়া কেলেংকাৰী সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল চিদাম্বৰমৰ অগ্ৰিম জামিনৰ আবেদন। তাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল চিদাম্বৰমৰ অধিবক্তা।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি