
বিশেষ ন্যায়াধীশ অজয় কুমাৰ কুহাড়ে আজি চিদাম্বৰমৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব।
বিশেষ ন্যায়াধীশ অজয় কুমাৰ কুহাড়ে আজি চিদাম্বৰমৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব।
প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে জামিন পাব নে কাৰাগাৰৰ আলহী হ’ব তাক লৈ আজি CBIৰ আদালতে গ্ৰহণ কৰিব সিদ্ধান্ত। INX মিডিয়া কেলেংকাৰীৰ গোচৰত আজি CBIৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব চিদাম্বৰমক। সোমবাৰে আদালতে চিদাম্বৰমৰ CBI জিম্মাৰ ম্যাদ মঙলবাৰলৈ বৃদ্ধি কৰিছিল। বিশেষ ন্যায়াধীশ অজয় কুমাৰ কুহাড়ে আজি চিদাম্বৰমৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব।
সোমবাৰে CBIৰ জিম্মাৰ ম্যাদ উকলি যোৱাত তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল। CBI–এ এই গোচৰত চিদাম্বৰমক কোনোধৰণৰ ৰেহাই দিয়াৰ বিৰোধিতা কৰিছিল আৰু এদিনৰ বাবে জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন কৰিছিল। যাৰ ফলত আদালতে এদিনৰ বাবে বৃদ্ধি কৰিছিল চিদাম্বৰমৰ CBI জিম্মাৰ ম্যাদ। উল্লেখযোগ্য যে ২১ আগষ্টত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজন।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|