এইজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত উদ্ধাৰ CBIৰ অভিযান, উদ্ধাৰ ২৬লাখ টকাৰ নিষিদ্ধ নোট
News18-Assam Updated:November 22, 2019, 8:25 PM IST

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অক্ৰাম ইব’বি সিঙৰ বাসগৃহত শুকুৰবাৰে চিবিআইয়ে অভিযান চলাই ১১লাখ ৪৭হাজাৰ টকাৰ নগদ ধন আৰু অতিৰিক্তভাৱে ২৬লাখ টকাৰ নচলা নোট উদ্ধাৰ কৰে। আইনমতে এয়া অপৰাধ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ইয়াৰ কাৰণে উদ্ধাৰ হোৱা ধনৰ পাঁচগুণলৈ জৰিমনা ভৰিবলগীয়া হ’ব পাৰে।

- News18 Assam
- Last Updated: November 22, 2019, 8:25 PM IST
চিবিআইয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ লগতে আইজল, ইম্ফল আৰু গুৰগাঁৱত থকা মণিপুৰ ডেভলপমেণ্ট ছচাইটিৰ সৈতে জৰিত প্ৰাক্তন আইএএছ বিষয়াসকলৰ ঘৰতো অভিযান চলায়।
এই অভিযানকালত টকাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ ঘৰৰ পৰা বিভিন্ন ব্ৰেণ্ডেড সামগ্ৰী আৰু অ’ডি, মিটচুবিছি, হ’ণ্ডা আৰু হুণ্ডাইৰ আঠখনকৈ বিলাসী গাড়ী জব্দ কৰা হয়।অভিযোগমতে মণিপুৰ ডেভলপমেণ্ট ছচাইটিৰ অধ্যক্ষ হিচাপে ৩০জুন ২০০৯চনৰ পৰা ৬জুলাই ২০১৭চনলৈ মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে অন্যান্যসকলৰ সহযোগত মুঠ ৫১৮কোটি টকাৰ পূঁজিৰ পৰা ৩৩২কোটি টকা আত্মসাৎ কৰিছিল। ৰাজ্যখনৰ উন্নয়নৰ কাৰণে অহা বৃহৎ পূঁজিৰ এই ভয়ংকৰ কেলেংকাৰীৰ খলনায়ক আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীজন।
কেন্দ্ৰৰ জৰিয়তে মণিপুৰৰ চৰকাৰে কৰা অনুৰোধৰ পিছতে চিবিআইয়ে এই গোচৰ ৰুজু কৰে।
মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ লগতে চিবিআইয়ে তিনিজন প্ৰাক্তন এমডিএছ চেয়াৰমেনৰ নামো চিবিআইয়ে উল্লেখ কৰিছে। আটাইকেইজনেই অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া।