• Home
  • »
  • News
  • »
  • nation
  • »
  • CBI raid at Karti Chidambaram's property: চিদাম্বৰমৰ পুত্ৰ কাৰ্তিৰ বিৰুদ্ধে পুনৰ তৎপৰ চিবিআই, ৯ স্থানত অভিযান

CBI raid at Karti Chidambaram's property: চিদাম্বৰমৰ পুত্ৰ কাৰ্তিৰ বিৰুদ্ধে পুনৰ তৎপৰ চিবিআই, ৯ স্থানত অভিযান

যি ৯ স্থানত তালাচী চলোৱা হৈছে তাৰ ভিতৰত আচে চেন্নাইৰ দুটা স্থান, মুম্বাইৰ ৩ স্থান আৰু কৰ্ণাটক, পঞ্জাব আৰু ওড়িশাৰ এটাকৈ স্থান।

যি ৯ স্থানত তালাচী চলোৱা হৈছে তাৰ ভিতৰত আচে চেন্নাইৰ দুটা স্থান, মুম্বাইৰ ৩ স্থান আৰু কৰ্ণাটক, পঞ্জাব আৰু ওড়িশাৰ এটাকৈ স্থান।

যি ৯ স্থানত তালাচী চলোৱা হৈছে তাৰ ভিতৰত আচে চেন্নাইৰ দুটা স্থান, মুম্বাইৰ ৩ স্থান আৰু কৰ্ণাটক, পঞ্জাব আৰু ওড়িশাৰ এটাকৈ স্থান।

  • Share this:
পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ সৈতে জড়িত ৯টা স্থানত চিবিআইৰ অভিযান। যি ৯ স্থানত তালাচী চলোৱা হৈছে তাৰ ভিতৰত আছে চেন্নাইৰ দুটা স্থান, মুম্বাইৰ ৩ স্থান আৰু কৰ্ণাটক, পঞ্জাব আৰু ওড়িশাৰ এটাকৈ স্থান। জানিব পৰা মতে, কাৰ্তি চিদাম্বৰমৰ ঘৰ আৰু কাৰ্যালয়ত চিবিআয়ে চলায় এই অভিযান। এই অভিযান পূৰ্বৰে পৰা চলি থকা গোচৰৰ সৈতে সম্পৰ্কিত। কাৰ্তিৰ বিৰুদ্ধে অভিযোগ, তেওঁ এটা প্ৰজেক্টৰ বাবে চীনা কৰ্মচাৰীক ভিছা প্ৰদানৰ বাবে ৫০ লাখ টকা ঘোচ লৈছিল।

এই তালাচী অভিযানক লৈ কাৰ্তি চিদাম্বৰমে টুইটো কৰিছে। তেওঁ লিখিছে যে মই গণিবলৈ পাহৰি গৈছো কিমানবাৰ হৈছে। এয়া এক ৰেকৰ্ড হ’ব। জানিব পৰা মতে, কাৰ্তি বৰ্তমান ঘৰত নাই, তেওঁ আছে লণ্ডনত।



উল্লেখযোগ্য যে কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে চিবিআয়ে শেহতীয়াকৈ এটা নতুন গোচৰ ৰুজু কৰিছিল। এই গোচৰ ২০১০–২০১৪ৰ ভিতৰত বিদেশলৈ টকা প্ৰেৰণৰ সৈতে জড়িত। প্ৰাথমিক তদন্তৰ পিছত এই গোচৰত চিবিআয়ে এফআইআৰ দাখিল কৰিছিল।

ইফালে চিবিআইৰ অভিযানৰ সময়তে, পি চিদাম্বৰমে টুইট কৰি লিখিছে – ‘‘আজি পুৱা চিবিআইৰ এটা দলে চেন্নাইত মোৰ আৱাস আৰু দিল্লীত মোৰ অফিচিয়েল আৱাসত তালাচী চলায়। দলটোৱে মোক এখন এফআইআৰ দেখুৱায়, য’ত মোৰ নাম অভিযুক্ত হিচাহে নাই। অভিযানকাৰী দলে একো নাপালে, একো জব্দও কৰিব নোৱাৰিলে। মই ক’ব পাৰো যে অভিযানৰ সময় গুৰুত্বপূৰ্ণ।’’
Published by:Sanjay Kumar Das
First published: