• Home
  • »
  • News
  • »
  • nation
  • »
  • গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন পি চিদাম্বৰমৰ! আজি উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ শুনানি

গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন পি চিদাম্বৰমৰ! আজি উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ শুনানি

মঙলবাৰে INX মিডিয়া কেলেংকাৰী সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল চিদাম্বৰমৰ অগ্ৰিম জামিনৰ আবেদন।

মঙলবাৰে INX মিডিয়া কেলেংকাৰী সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল চিদাম্বৰমৰ অগ্ৰিম জামিনৰ আবেদন।

মঙলবাৰে INX মিডিয়া কেলেংকাৰী সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল চিদাম্বৰমৰ অগ্ৰিম জামিনৰ আবেদন।

  • Share this:
    INX মিডিয়া কেলেংকাৰীত দিল্লী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন খাৰিজ কৰাৰ পিছতে প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। CBI আৰু EDৰ দলে মঙলবাৰে সন্ধিয়া চিদাম্বৰমৰ ঘৰত তালাচী চলাইছিল যদিও সেই সময়ত উপস্থিত নাছিল চিদাম্বৰম। ইয়াৰ পিছতে CBIৰ বিষয়াই চিদাম্বৰমৰ বাসগৃহৰ বাহিৰত জাননী আঁৰি দিয়ে। জাননীত ২ ঘণ্টাৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল চিদাম্বৰমক। কিন্তু CBIৰ ওচৰত হাজিৰ নহ’ল প্ৰাক্তন মন্ত্ৰীগৰাকী।

    ইয়াৰ মাজতে চিদাম্বৰমৰ অধিবক্তাই CBIলৈ পত্ৰ লিখি জনায় যে চিদাম্বৰমৰ জামিন আবেদনৰ ওপৰত শুনানিৰ বাবে পুৱা ১০.৩০ বজাত সময় নিৰ্ধাৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। সেয়েহে চিদাম্বৰমৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰি ১০.৩০ বজালৈ অপেক্ষা কৰাৰ অনুৰোধ জনায় অধিবক্তাই।

    চিদাম্বৰমৰ বিৰুদ্ধে CBIৰ দলে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কোনো সন্ধান লাভ কৰা নাই। নিশা ১১ বজাত দ্বিতীয়বাৰৰ বাবে চিদাম্বৰমৰ ঘৰত উপস্থিত হৈছিল CBIৰ দল, কিন্তু তেতিয়াও ঘৰত উপস্থিত নাছিল চিদাম্বৰম। নিজৰ ম’বাইল ফোনো অফ কৰি ৰাখিছে
    চিদাম্বৰমে। চিদাম্বৰমৰ বিষয়ে কোনো তথ্য লাভ নকৰাত বাসগৃহৰ বাহিৰত জাননী আঁৰিছিল CBI–এ।


    উল্লেখযোগ্য যে মঙলবাৰে INX মিডিয়া কেলেংকাৰী সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল চিদাম্বৰমৰ অগ্ৰিম জামিনৰ আবেদন। তাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল চিদাম্বৰমৰ অধিবক্তা।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি