সুখবৰ! পেন আৰু আধাৰ লিংক কৰা সময়সীমা ৩১ডিচেম্বৰলৈ বৃদ্ধি কৰিলে CBDT-এ

পূৰ্বে ৩০ছেপ্তেম্বৰ আছিল অন্তিম সময়সীমা।

News18
Updated:September 28, 2019, 8:38 PM IST
সুখবৰ! পেন আৰু আধাৰ লিংক কৰা সময়সীমা ৩১ডিচেম্বৰলৈ বৃদ্ধি কৰিলে CBDT-এ
পূৰ্বে ৩০ছেপ্তেম্বৰ আছিল অন্তিম সময়সীমা।
News18
Updated: September 28, 2019, 8:38 PM IST
পেন আৰু আধাৰ লিংক কৰাৰ সময়সীমা ৩১ডিচেম্বৰ, ২০১৯লৈ বৃদ্ধি কৰা হৈছে। CBDT–এ এক আনুষ্ঠানিক জাননীৰ জৰিয়তে চলিত বৰ্ষৰ ৩০ছেপ্তেম্বৰৰ পৰিৱৰ্তে অন্তিম সময় ৩১ডিচেম্বৰ কৰাৰ কথা জনাইছে। 

উল্লেখযোগ্য যে, যথেষ্টদিন পূৰ্বেই পেন আৰু আধাৰ লিংক বাধ্যতামূলক কৰিছিল আয়কৰ বিভাগে। ইয়াৰ আগতে বহুবাৰ পেন আৰু আধাৰ লিংকৰ সময়সীমাৰ পৰিৱৰ্তন কৰা হৈছিল। পেন আৰু আধাৰ নম্বৰ লিংক বাধ্যতামূলক কৰাৰ কথা Central Board of Direct Taxes (CBDT)–এ জনাইছিল।

জুলাই মাহৰ বাজেটৰ সময়ত পেন আৰু আধাৰ লিংকৰ নিয়মৰ বৃহৎ পৰিৱৰ্তনৰ ঘোষণা কৰা হৈছিল। এই অনুসৰি যদিহে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংকৰ কৰা নহয় তেনেহ’লে পেন কাৰ্ড বাতিল কৰা হ’ব।

কেনেকৈ কৰিব পেন আৰু আধাৰ লিংক?

পেন আৰু আধাৰ লিংক কৰিবলৈ প্ৰথমে www.incometaxindiaefiling.gov.in ৱেবছাইটত গৈ Link Aadhaar অপচনত ক্লিক কৰক।

এখন উইণ্ড’ আহিব ইয়াৰ পিছত য’ত আধাৰ নম্বৰ, পেন নম্বৰ আৰু কেপচা ক’ড দিব লাগিব। ইয়াৰ পিছত Link Aadhaar অপচনত ক্লিক কৰিব লাগিব। ইয়াৰ পিছতেই লিংক কৰিব লাগিব পেন আৰু আধাৰ।

অৱশ্যে নিম্নোলিখিত ব্যক্তিসকলক পেন আৰু আধাৰ লিংক কৰাৰ ক্ষেত্ৰত পূৰ্বৰ অন্তিম সময়সীমা ৩০ছেপ্তেম্বৰৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছিল যদিহে তেওঁলোকৰ আধাৰ নম্বৰ বা আধাৰ এনৰ’লমেণ্ট আই ডি নাই।

১) আয়কৰৰ বিধি অনুসৰি প্ৰৱাসী ভাৰতীয়সকল।

২) যিসকল ভাৰতৰ নাগৰিক নহয়।

৩) বিত্তীয় বৰ্ষত ৮০বছৰ বা ততোধিক বয়স যাৰ হৈছে।

৪) অসম, মেঘালয়, জম্মু–কাশ্মীৰৰ বাসিন্দা।

আয়কৰৰ আইনত ধাৰা ১৩৯এ ২০১৭চনৰ বাজেটত অন্তৰ্ভুক্ত কৰা হৈছিল। এই ধাৰাই পেন আৰু আধাৰ লিংক বাধ্যতামূলক কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি