Castrol Activ-এ #ProtectIndiasEngine অভিযানেৰে এক অনন্য নিদৰ্শন দাঙি ধৰিছে

News18 Assam | News18-Assam
Updated:September 16, 2020, 12:36 PM IST
Castrol Activ-এ #ProtectIndiasEngine অভিযানেৰে এক অনন্য নিদৰ্শন দাঙি ধৰিছে

  • News18 Assam
  • Last Updated: September 16, 2020, 12:36 PM IST
  • Share this:
সময় আহি পৰিছে আমাৰ প্ৰতিবেশী মেকানিকসকলৰ প্ৰতি মনোনিৱেশ কৰি তেওঁলোকক এক উজ্বল ভৱিষ্যতৰ বাবে সাজু কৰি তুলিবৰ বাবে- যাতে তেওঁলোকে আমাক #NonStop আগুৱাই গৈ থকাত সহায় কৰিব পাৰে।
কঠিন সময়ে কঠিনতম প্ৰত্যাহবান লোৱাসকলক সৃষ্টি কৰে। ভাৰতৰ যুৱশক্তি বহু যুগৰে পৰা অসম্ভৱ পৰিস্থিতিতো যুঁজ দি বিজয়ী হৈ উঠাটো এক প্ৰমাণিত কথা। এই মহামাৰীয়ে আক্ৰমণ কৰাৰ সময়তো সেই উদ্দীপনা দেখিবলৈ পোৱা গৈছিল। সমগ্ৰ দেশজুৰি যুৱ স্বেচ্ছাসেৱীসকলে প্ৰয়োজনত আৰ্ত হোৱা ব্যক্তিক আহাৰ, যত্ন আৰু বাসস্থানৰ সুবিধা কৰিবলৈ আগবাঢ়িছিল। এই নিস্বাৰ্থ সেৱাৰ কাৰ্যত তেওঁলোকৰ দুচকীয়া বাহনে যথেষ্ট সহযোগিতা প্ৰদান কৰিছিল যি তেওঁলোকক একেবাৰে দূৰ্গম স্থানলৈকো নিৰ্বিঘ্নে যোৱাত সহায় কৰিছিল।
কিন্তু কেৱল গতিশীলতাৰ কথাই নহয়, দায়িত্ববোধৰ এক অনুভূতিয়েও যুৱকচামক পৰিবৰ্তনৰ প্ৰতিনিধি হ’বলৈ প্ৰেৰণা যোগাইছিল, আৰু তেওঁলোকৰ দুচকীয়াখন হৈ পৰিছিল সহযোগী। এই কাৰণসমূহেই দুচকীয়া বাহনক যুৱ ভাৰতৰ পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাত সহায় কৰে। দিগন্ত চুব খোজা এই প্ৰজন্মৰ বাবে, তেওঁলোকৰ দুচকীয়া বাহনক এই বিশ্বসনীয় প্ৰতিবেশী মেকানিকসকলে চালুকীয়া কৰি ৰাখি সপোনবোৰ জীয়াই ৰাখে। বছৰ বছৰ জুৰি, তেওঁলোকে এই বাহনসমূহক নিৰন্তৰ সুৰক্ষিত কৰি ৰাখি আমাক আগুৱাই গৈ থকাত সহায় কৰি আহিছে।

দুৰ্ভাগ্যক্ৰমে, এই পৰিশ্ৰমী মেকানিকসকলক আজি আমাৰ সমৰ্থনৰ প্ৰয়োজন।
এই মহামাৰী আৰু লকডাউনৰ সময়ছোৱা মেকানিকসকল তথা তেওঁলোকৰ ব্যৱসায়ৰ বাবে অতি কঠোৰ হৈ পৰিছে। প্ৰথমছোৱাত দোকান-পোহাৰ বন্ধ কৰিবলগীয়া হৈছিল, আৰু এতিয়া যদিও খুলিব পৰা হৈছেগৈ- স্বাস্থ্য সম্পৰ্কীয় সচেতনতা বা যান-বাহনৰ কম ব্যৱহাৰৰ ফলত ব্যৱসায় নিচেই কম বুলিব পাৰি। মেকানিকসকলৰ বৰ্তমানৰ উপাৰ্জন হ্ৰাস পোৱাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ সুযোগো অন্ধকাৰময় হৈ পৰিছে। আমাক সদায় নৰখাকৈ চলাই যাবলৈ সহায় কৰি যোৱা মেকানিকসকলৰ অবিহনে ভাৰতীয়ৰ যান-বাহন চালনৰ অভিজ্ঞতা আগৰ দৰে সহজ হৈ নাথাকিব।
Castrol Activ-এ কেইবাবছৰ ধৰি মেকানিকসকলৰ উন্নতি আৰু বিকাশৰ বাবে কাম কৰি আহিছে। তেওঁলোকৰ অন্য এক বিভাগ Castrol Super Mechanic-এ সমগ্ৰ ভাৰততে গাড়ী আৰু বাইক মেকানিকসকলক নিজৰ দক্ষতা পৰীক্ষণ কৰি প্ৰতিভা প্ৰদৰ্শনৰ যোগেদি ৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি প্ৰদান কৰে। যোৱা 3 বছৰত Castrol-এ ভাৰত জুৰি 2 লাখৰো অধিক অংশগ্ৰহণ দেখিবলৈ পাইছে- গতিকে তেওঁলোকৰ স্বীকৃতি লাভ আৰু দক্ষতা বিকাশৰ আকাংক্ষাক সন্মান জনাই আহিছে।
কিন্তু এতিয়া সময় সলনি হ’ল। আমাৰ মেকানিকসকলক সহায় কৰা ঊদ্দেশ্য আগত ৰাখি Castrol Activ আৰু Network18-এ মিলিত হৈ #ProtectIndiasEngine অভিযান আৰম্ভ কৰিছে। যেনেকৈ ইয়াৰ নামটোৰ পৰাই বুজিব পৰা যায়, ই হৈছে এক অভিযানৰ লগতে এক আহবানো, যিটোৱে মেকানিকসকলৰ প্ৰতি আমাৰ চিন্তা আৰু উদ্বেগ আদিক সাঙুৰি লৈ তেওঁলোকক সমৰ্থন দিয়াৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিবলৈ এক মঞ্চ প্ৰদান কৰে। এই অভিযানত আমাক সহযোগ কৰিবলৈ বলীউডৰ ছুপাৰষ্টাৰ আয়ুস্মান খুৰানাই এই অভিযানটো প্ৰচাৰত আগভাগ লৈছে। তেওঁ এগৰাকী জনপ্ৰিয় যুৱ-তাৰকা আৰু কেইবাবছৰ ধৰি দুচকীয়া বাহন চলাই আহিছে। কেনেকৈ গুৰুত্বপূৰ্ণ মূহুৰ্ত কিছুমানত তেওঁ মেকানিকৰ পৰা সহায় লাভ কৰিছিল, সেয়াও আয়ুস্মান খুৰানাই জনাইছে।

অভিযানটোৰ বিশালতা বৰ্দ্ধন কৰি দক্ষিণ ভাৰতৰ চিনাকি অভিনেতা- শ্বাইন শেট্টী আৰু গণেশ ভেংকটৰাম, আৰু জনপ্ৰিয় হিন্দী অভিনেতা ৰবি দুবেইও যোগদান কৰিছে।
তেওঁলোকৰ বাৰ্তা একেবাৰে সৰল। বছৰ বছৰ ধৰি মেকানিকসকলে আমাৰ যান-বাহনসমূহ নোৰোৱাকৈ চলি থাকিবলৈ সহায় কৰাৰ পাছত এইবাৰ আমাৰ পাল #ProtectIndiasEngine অভিযানত মেকানিকসকলৰ বাবে আমাৰ সমৰ্থন প্ৰদৰ্শন কৰিবলৈ। এই প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈ মাত্ৰ দুইমিনিটৰ হে প্ৰয়োজন হ’ব যদিও, ইয়াৰ ফলত এক ডাঙৰ প্ৰভাৱ পৰিব।
প্ৰতিটো প্ৰতিশ্ৰুতিৰ বিপৰীতে Castrol Activ-এ Rs.10 কৈ প্ৰদান কৰিব- যাৰ সৰ্বোচ্চ সীমা হৈছে Rs.50 লাখ। এই ধনখিনি আমাৰ মেকানিকসকলক নতুন প্ৰযুক্তি, সুৰক্ষাত্মক ব্যৱসায়ৰ চৰ্চা আৰু উদ্যোগৰ ট্ৰেণ্ডসমূহৰ বিষয়ে প্ৰশিক্ষণ দিবলৈ ব্যৱহাৰ কৰা হ’ব।
নিজৰ সমৰ্থন প্ৰতিশ্ৰুতিবদ্ধ কৰিবৰ বাবে গ্ৰাহকসকলে মাথোন www.protectindiasengine.com ত ল’গ ইন কৰি "pledge" বুটামটো টিপিলেই হ’ল। অন্যথা তেওঁলোকে 7574-003-002 ত মিছডকল দিবও পাৰে। এয়া উপযুক্ত সময় আমাৰ প্ৰচেষ্টা আগবঢ়াই নি #ProtectIndiasEngine সুনিশ্চিত কৰাৰ।
এইটো এক পাৰ্টনাৰড পোষ্ট।
First published: September 16, 2020, 12:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading