ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে এগৰাকী সুন্দৰী অভিনেত্ৰীয়ে, আপোচ কৰিবলৈ কোৱা প্ৰযোজকক দিলে উচিত প্ৰত্যুত্তৰ

অভিনেত্ৰী শ্ৰুতি মাৰাঠেই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে কাষ্টিং কাউচৰ ভয়াৱহ ঘটনা

news18assam
Updated:April 16, 2019, 2:40 PM IST
ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে এগৰাকী সুন্দৰী অভিনেত্ৰীয়ে, আপোচ কৰিবলৈ কোৱা প্ৰযোজকক দিলে উচিত প্ৰত্যুত্তৰ
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 82
news18assam
Updated: April 16, 2019, 2:40 PM IST
News18 অসম : ছবি জগতত কাষ্টিং কাউচৰ দৰে ঘটনা প্ৰায়ে পোহৰলৈ আহে। শেহতীয়াভাৱে এগৰাকী অভিনেত্ৰীয়ে এই সন্দৰ্ভত ছচিয়েল মিডিয়াত প্ৰকাশ কৰা এটা পোষ্ট ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এই মাৰাঠী অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰৰ সময়ত নিজৰ সৈতে হোৱা কাষ্টিং কাউচৰ ঘটনা প্ৰকাশ কৰিছে ছচিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকীৰ নাম শ্ৰুতি মাৰাঠে। শ্ৰুতিৰ এই মন্তব্য ‘হিউমেনছ অব ব’ম্বে’ৰ ফেচবুক পেজত শ্বেয়াৰ কৰা হৈছে, য’ত প্ৰযোজকৰ নাম নোলোৱাকৈ উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ। এই পোষ্টটোত শ্ৰুতিয়ে নিজৰ সৈতে ঘটা ঘটনা উল্লেখ কৰিছে। লগতে সমগ্ৰ ঘটনাটো কিদৰে চম্ভালিছিল সেই কথাও তেওঁ উল্লেখ কৰিছে।

শ্ৰুতি মাৰাঠেই কয় – ‘যেতিয়া মই এখন ছবিৰ মুখ্য চৰিত্ৰৰ বাবে অডিশ্যন দি আছিলো, তেতিয়াই কাষ্টিং কাউচৰ চিকাৰ হ’বলগীয়া হৈছিল।’ তেওঁ নিজৰ পোষ্টটোত প্ৰযোজকৰ নাম নোলোৱাকৈ কয় – তেওঁ পেছাদাৰী মনোভাৱেৰেই মোৰ সৈতে সাক্ষাৎকাৰ আৰম্ভ কৰিছিল। কিন্তু সোনকালে তেওঁ Compromise আৰু One Nightৰ কথা ক’বলৈ ধৰিলে। মই জানিছিলো যে মোৰ দ্বাৰা এয়া সম্ভৱ নহয়, সেইবাবে মই বিৰোধিতা কৰিছিলো। মই তেওঁক সুধিছিলো – ‘আপুনি বিচাৰে মই আপোনাৰ লগত শোৱাটো। আপুনি কোন নায়কৰ সৈতে শুইছে?’

 




 





View this post on Instagram





 

A post shared by Humans of Bombay (@officialhumansofbombay) on





প্ৰযোজকৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত শ্ৰুতিয়ে কয় – ‘মোৰ কথা শুনি তেওঁ স্তব্ধ হৈ গৈছিল। মই এই ঘটনাৰ বিষয়ে বহুতৰে সৈতে আলোচনা কৰিছিলো। তেওঁলোকে মোক এই প্ৰজেক্টটো এৰি দিবলৈ পৰামৰ্শ দিলে।’

শ্ৰুতিয়ে আৰু লিখিছে – ‘মই সেইদিনা নিৰ্ভীক অনুভৱ কৰিছিলো। মই এয়া সকলো মোৰ বাবে কৰা নাই। মই সকলো মহিলাৰ বাবে এয়া কৰিছো, যিসকলে এনেধৰণৰ মুখামুখি হয়। মহিলাক সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা হয়। তৎক্ষণাত কোনো এটা সিদ্ধান্ত লোৱা হয়।’

এই পোষ্টটোত শ্ৰুতিয়ে নিজৰ এখন ফটোৰ কথাও উল্লেখ কৰে যিখন বিকৃতভাৱে ব্যৱহাৰ কৰা হৈছে আৰু বেয়া ধৰণে প্ৰচাৰ হৈছিল। তেওঁ লিখিছে – ‘ইণ্টাৰনেটৰ পৰা মোৰ এখন পুৰণি ফটো উলিয়াই লোৱা হৈছিল যিখনত মই বিকিনি পিন্ধি আছিলো। এই ফটোখন মোৰ এখন পুৰণি দাক্ষিণাত্যৰ ছবিৰ। এই সকলো মোৰ এক টিভি শ্ব’ৰ জনপ্ৰিয়তাৰ পিছত হৈছিল। মই নভৱাকৈয়ে বিকিনি পিন্ধা দৃশ্যৰ বাবে সন্মত হৈছিলো। কিয়নো ছবিত চৰিত্ৰ মিলাটো ডাঙৰ কথা। এই দৃশ্যটোৰ পিছত মোক বহুতে ট্ৰ’ল কৰিছিল। এনেধৰণৰ কথাই যে কাৰোবাৰ আত্মসন্মানত আঘাত দিয়ে তেওঁলোকে নাজানেনে।
আৰু চাওক পৰৱৰ্তী বাতৰি