• Home
  • »
  • News
  • »
  • nation
  • »
  • লতা মংগেশকাৰৰ অন্তিম সত্‍কাৰত শ্বাহৰুখ খানে আঘাত হানিলে নেকি হিন্দু ধৰ্মীয় আবেগক? কিং খানৰ বিৰুদ্ধে বিহাৰৰ আদালতৰ দ্বাৰস্থ আৰিয়ান

লতা মংগেশকাৰৰ অন্তিম সত্‍কাৰত শ্বাহৰুখ খানে আঘাত হানিলে নেকি হিন্দু ধৰ্মীয় আবেগক? কিং খানৰ বিৰুদ্ধে বিহাৰৰ আদালতৰ দ্বাৰস্থ আৰিয়ান

শ্বাহৰুখন খানৰ বিৰুদ্ধে বিহাৰৰ আদালতৰ দ্বাৰস্থ আৰিয়ান, লতা মংগেশকাৰৰ নশ্বৰ দেহত থু পেলুৱাৰ অভিযোগ।

শ্বাহৰুখন খানৰ বিৰুদ্ধে বিহাৰৰ আদালতৰ দ্বাৰস্থ আৰিয়ান, লতা মংগেশকাৰৰ নশ্বৰ দেহত থু পেলুৱাৰ অভিযোগ।

শ্বাহৰুখন খানৰ বিৰুদ্ধে বিহাৰৰ আদালতৰ দ্বাৰস্থ আৰিয়ান, লতা মংগেশকাৰৰ নশ্বৰ দেহত থু পেলুৱাৰ অভিযোগ।

  • Share this:
বিহাৰত অভিনেতা শ্বাহৰুখ খানৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। কিং খানৰ বিৰুদ্ধে আৰিয়ান সিং নামৰ এজন লোক বিহাৰৰ হাজীপুৰ আদালাতৰ দ্বাৰস্থ হৈছে। লতা মংগেশকাৰৰ অন্তিম সত্‍কাৰৰ সময়ত ফাতিহা পঢ়ি ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ শ্বাহৰুখ খানৰ বিৰুদ্ধে। আৰিয়নে কোৱা মতে, 'শ্বাহৰুখে লতা মংগেশকাৰৰ নশ্বৰ দেহত থু পেলাইছিল। এই ঘটনাই হিন্দুধৰ্মীয় আৱেগত আঘাত হানিছে। আমাৰ ভাৱনাক আঘাত কৰিছে।'

FIR দাখিল কৰি আৰিয়ান খানে লগতে কয় যে, 'মোৰ ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে। নিশ্চয় ন্যায় লাভ কৰিম।'

উল্লেখ্য যে, লতাজীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত সকলোৰে হৃদয় জয় কৰা এখন ছবি ভাইৰেল হৈ পৰিছিল। কিন্তু একাংশই ফটোখনকলৈ বিতৰ্কৰো সৃষ্টি কৰিছিল। লতাজীলৈ অন্তিম শ্ৰদ্ধা শ্বাহৰুখ খানে ইছলাম ধৰ্মীয় ৰীতি মতে জনাইছিল। দীৰ্ঘদিনৰ পিছত ৰাজহুৱাভাৱে দেখা পোৱা ছুপাৰষ্টাৰ শ্বাহৰুখ খানে তেওঁৰ মেনেজাৰ পুনম দামানিয়াৰ সৈতে লতাজীক শ্ৰদ্ধঞ্জলি দি থকা সময়ত ফটো তোলা হৈছিল। শ্বাহৰুখ খানে কেৱল লতাদিক পুষ্পাঞ্জলি প্ৰদান কৰাই নহয় তেওঁৰ চৰণ স্পৰ্শ কৰাৰ পিছত লতাজীৰ বাবে দোৱা কৰিছিল।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি