মুখ্যপৃষ্ঠা »খবৰ »দেশ »খাদ্য বনাই ৰৈ যোৱা তেলেৰে এতিয়াৰে পৰা হ’ব ডিজেল, কেনেকৈ?

খাদ্য বনাই ৰৈ যোৱা তেলেৰে এতিয়াৰে পৰা হ’ব ডিজেল, কেনেকৈ?

কেন্দ্ৰৰ মোদী চৰকাৰে হাতত তুলি লৈছে এক বিশেষ পদক্ষেপ। খাদ্য প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰি ৰৈ যোৱা তেল পুনৰ ব্যৱহাৰ কৰিবলৈ উলিওৱা হৈছে নতুন পদ্ধতি

কেন্দ্ৰৰ মোদী চৰকাৰে হাতত তুলি লৈছে এক বিশেষ পদক্ষেপ। খাদ্য প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰি ৰৈ যোৱা তেল পুনৰ ব্যৱহাৰ কৰিবলৈ উলিওৱা হৈছে নতুন পদ্ধতি

কেন্দ্ৰৰ মোদী চৰকাৰে হাতত তুলি লৈছে এক বিশেষ পদক্ষেপ। খাদ্য প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰি ৰৈ যোৱা তেল পুনৰ ব্যৱহাৰ কৰিবলৈ উলিওৱা হৈছে নতুন পদ্ধতি

  • Share this:
    কেন্দ্ৰৰ মোদী চৰকাৰে হাতত তুলি লৈছে এক বিশেষ পদক্ষেপ। খাদ্য প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰি ৰৈ যোৱা তেল পুনৰ ব্যৱহাৰ কৰিবলৈ উলিওৱা হৈছে নতুন পদ্ধতি। এতিয়াৰে পৰা ৰৈ যোৱা তেলেৰে বায়’ডিজেল প্ৰস্তুতৰ যো–জা আৰম্ভ হৈছে। সাধাৰণতে খাদ্য প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰি ৰৈ যোৱা তেল পুনৰ ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। সেয়ে ৰৈ যোৱা তেল পুনৰ ব্যৱহাৰ কৰিবলৈ অইল মাৰ্কেটিং কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেচন, ভাৰত পেট্ৰ’লিয়াম আৰু হিন্দুস্তান পেট্ৰ’লিয়ামে ক্ৰয় কৰিব ৰৈ যোৱা তেলৰ পৰা প্ৰস্তুত হোৱা বায়’ডিজেল। ইয়াৰ বাবে খাদ্য প্ৰস্তুত ব্যৱহৃত তেলেৰে প্ৰস্তুত কৰা বায়’ডিজেল ক্ৰয় কৰিবলৈ কেইবাখনো ডাঙৰ ডাঙৰ চহৰত ১০ আগষ্টৰ পৰা আৰম্ভ কৰিছে এক কাৰ্যসূচী।

    চৰকাৰে আৰম্ভ কৰিছে নতুন আঁচনি
    কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইতিমধ্যে আৰম্ভণি কৰিছে এই আঁচনিৰ আৰু খাদ্য প্ৰস্তুতৰ পিছত ৰৈ যোৱা তেল জমা কৰাৰ বাবে মুকলি কৰি দিয়া হৈছে মোবাইল এপ। হোটেল আৰু ৰেষ্টুৰেণ্টত লগোৱা থাকিব ষ্টিকাৰ য’ত লিখা থাকিব যে ইয়াত পোৱা যাব বায়’ডিজেল প্ৰস্তুতৰ বাবে ইতিমধ্যে খাদ্য প্ৰস্তুতত ব্যৱহাৰ কৰি ৰৈ যোৱা তেল।

    ইয়াৰ জৰিয়তে অইল মাৰ্কেটিং কোম্পানীয়ে নিবিদা আৱেদন কৰিবলৈ জনাব খাদ্য প্ৰস্তুতত ব্যৱহৃত তেলেৰে বায়’ডিজেল প্ৰস্তুত কৰা ইচ্ছুক কোম্পানীসমূহক। ইয়াৰ পিছত প্ৰতিলিটাৰ বায়’৸ডিজেলত ৫১ টকাকৈ দি ক্ৰয় কৰিব কোম্পানীয়ে। দ্বিতীয় বৰ্ষত দাম বৃদ্ধি কৰি ৫২.৭ টকা আৰু তৃতীয় বৰ্ষত প্ৰতিলিটাৰ বায়’৸ডিজেলৰ দাম কৰি দিবগৈ ৫৪.৫ টকাকৈ।

    শেহতীয়া বাতৰি