দুৰ্ঘটনাত ৰে’ল দুখনৰ কেইবাটাও ডবা লাইচ্যুত হয়। দুৰ্ঘটনাৰ ফলত ৰে’লৰ ইঞ্জিন দুটা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।
মধ্য প্ৰদেশৰ ছিংৰৌলী জিলাত কয়লা পৰিবাহী দুখন ৰে’লৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাত ৰে’ল দুখনৰ কেইবাটাও ডবা লাইচ্যুত হয়। জানিব পৰা মতে, দুৰ্ঘটনাৰ ফলত ৰে’লৰ ইঞ্জিন দুটা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। আৰক্ষীৰ মতে, তদন্তৰ পিছতহে পোহৰলৈ আহিব দুৰ্ঘটনাৰ কাৰণ।
দুৰ্ঘটনাগ্ৰস্ত ৰে’ল দুখন NTPCৰ মালিকানাধীন। পূব–মধ্য ৰে’লৱেৰ জনসম্পৰ্ক বিষয়াই কয় যে, দুৰ্ঘটনাৰ পিছতে NTPC–এ তদন্ত আৰম্ভ কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে এই দুৰ্ঘটনাৰ সৈতে ভাৰতীয় ৰে’লৱেৰ কোনো সম্পৰ্ক নাই।
অৱশ্যে, NTPCৰ অনুৰোধত ক্ৰেনসহ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|