এতিয়া মানুহে ডেবিট কাৰ্ড অবিহনেই ATMৰ পৰা টকা উলিয়াব পাৰিব। এই সুবিধা সকলো বেংকতে আগবঢ়োৱা হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে এই কথা নিশ্চিত কৰিছে। এতিয়ালৈকে, কেৱল কেইটামান বেংকতহে কাৰ্ড অবিহনে টকা উলিওৱাৰ সুবিধা আছিল। এই সুবিধা UPIৰ জৰিয়তে সম্পূৰ্ণ কৰা হ'ব, য'ত কোনোধৰণৰ কাৰ্ডৰ প্ৰয়োজন নহ'ব।
ইয়াৰ ফলত প্ৰৱঞ্চকে ডেবিট কাৰ্ড ক্লোন কৰিব নোৱাৰিব, সেইদৰে এনে সংক্ৰান্তীয় অপৰাধ সমূহ নোহোৱা হৈ পৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসেও এই বিষয়ে নিজৰ মন্তব্য দাঙি ধৰিছে। তেওঁ কৈছে যে, কাৰ্ড অবিহনে কৰা টকাৰ লেনদেন যথেষ্ট সুৰক্ষিত হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিৰ এখন বৈঠকত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে এই কথা কয়।
এতিয়া সকলো এটিএমৰ পৰাই কাৰ্ড অবিহনে উলিয়াব পাৰিব কেচঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে কয়, "বৰ্তমান এটিএমৰ জৰিয়তে কাৰ্ডবিহীন নগদ ধন উলিওৱাৰ সুবিধা কেৱল কেইটামান বেংকতে সীমাবদ্ধ। এতিয়া ইউপিআই ব্যৱহাৰ কৰি সকলো বেংক আৰু এটিএম নেটৱৰ্কত কাৰ্ডবিহীন নগদ ধন উলিওৱাৰ সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। তেওঁ কয়, "লেনদেনৰ সহজতাৰ উপৰিও, এনে লেনদেনৰ বাবে ফিজিকেল কাৰ্ডৰ প্ৰয়োজন নহ'ব আৰু কাৰ্ড স্কিমিং আৰু কাৰ্ড ক্ল'নিংৰ দৰে প্ৰৱঞ্চনা প্ৰতিহত কৰাত সহায় কৰিব," তেওঁ কয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|