ভাল খবৰ! ঘৰত ATM কাৰ্ড পাহৰি গ’লেও টকা উলিয়াব পাৰিব, কেনেকৈ?

বিনা ATM কাৰ্ডত টকা উলিওৱা এতিয়া আৰু সহজ হৈ পৰিছে। SBIৰ পিছত আন এটা চৰকাৰী বেংক Bank of Indiaই এই সুবিধা প্ৰদান কৰিছে। 

News18-Assam
Updated:September 12, 2019, 9:22 AM IST
ভাল খবৰ! ঘৰত ATM কাৰ্ড পাহৰি গ’লেও টকা উলিয়াব পাৰিব, কেনেকৈ?
বিনা ATM কাৰ্ডত টকা উলিওৱা এতিয়া আৰু সহজ হৈ পৰিছে। SBIৰ পিছত আন এটা চৰকাৰী বেংক Bank of Indiaই এই সুবিধা প্ৰদান কৰিছে। 
News18-Assam
Updated: September 12, 2019, 9:22 AM IST
বিনা ATM কাৰ্ডত এতিয়া টকা উলিয়াবলৈ আৰু সহজ হৈ পৰিল। SBIৰ পিছত আন এটা চৰকাৰী বেংক ‍Bank of India(‍BOI)ই এই সুবিধাৰ আৰম্ভনি কৰিছে। ইয়াৰ জৰিয়তে এতিয়া বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহকে QR ক’ড স্কেন কৰি ATMৰ পৰা টকা উলিয়াব পাৰিব। ইয়াৰ কাৰণে বেংকে এটিএমত ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেছ (UPI)ৰ জৰিয়তে কিউআৰ ক’ডৰ নতুন ফিচাৰ সংলগ্ন কৰিছে। বেংকৰ মতে এই সুবিধা মুম্বাই, দিল্লী আৰু চেন্নাইত আৰম্ভ কৰা হৈছে আৰু আগন্তুক ছমাহত এই সুবিধা সমগ্ৰ দেশত বলৱৎ কৰা হ’ব। উল্লেখযোগ্য যে এই সুবিধা কাৰিকৰী কৌশল AGS Transact Technologiesৰ দ্বাৰা প্ৰদান কৰা হৈছে যিয়ে এণ্ড টু এণ্ড কেছ আৰু ডিজিটেল আদান প্ৰদানৰ কাম কৰি আছে। বেংক অৱ ইণ্ডিয়াই এই সুবিধা আৰম্ভ কৰিছে আৰু SBIত এই সুবিধা আছে।

আহক জানোঃ

এই সুবিধাৰ জৰিয়তে এটিএমৰ পৰা কেছ উলিয়াবলৈ কাৰ্ড বা পিনৰ প্ৰয়োজন নাই। এতিয়া এই সুবিধাৰ জৰিয়তে অধিকতম ২০০০টকা উলিয়াব পৰা যাব। এছবিআইৰ গ্ৰাহকে বিনা এটিএম কাৰ্ডেৰে এটিএমৰ পৰা টকা উলিয়াব পাৰিব। SBIৰ এই সুবিধাৰ নাম য়’ন’ কেছ হয়।

সুবিধাৰ লাভ উঠাবলৈ প্ৰথমে আপুনি নিজৰ ফোনত এছবিআইৰ য়’ন’ ম’বাইল এপ ডাউনলোড কৰিব লাগিব।

ইয়াৰ পিছত নিজৰ নেটবেংকিং ইউজাৰ আইডি আৰু পাছৱৰ্ড বা ম’বাইল বেংকিং পাৰ্চনেল আইডেনটিফিকেশ্যন নম্বৰ (MPIN) দি লগ ইন কৰক।

যদি আপুনি SBI YONOৰ ব্যৱহাৰ কৰিব নিবিচাৰে তেনেহ’লে ইয়াৰ ৱেবছাইট (https://www.sbiyono.sbi/)ৰ জৰিয়তেও কেছ উলিওৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। ইয়াৰ চাৰ্ভিছত টু ফেক্টৰ অথেনটিকেশ্যন হয়।

ট্ৰান্সজেকশ্যনৰ কাৰণে ৬টা নম্বৰৰ কেছ পিন যিটো আপুনি YONOএপত দিব লাগিব। ৬টা নম্বৰৰ ৰেফাৰেন্স নম্বৰ আপুনি SMSত পাব আৰু এইটো ATMত ভৰাব লাগিব।

আপোনাৰ বিনা কাৰ্ডত টকা উলিওৱাৰ প্ৰক্ৰিয়া ৩০মিনিটত সম্পন্ন হ’ব। যদি আপুনি ৩০মিনিটৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰে তেনেহ’লে ৰেফাৰেন্স কোডৰ ম্যাদ উকলি যাব।

আপুনি বিনা ডেবিট কাৰ্ডত যিকোনো SBI ATMৰ পৰা ছিংগল ট্ৰানজেকশ্যনত ৫০০টকাৰ পৰা অধিকতম ১০,০০০টকালৈ উলিয়াব পাৰে।

দিনটোত আপুনি ২০,০০০টকা উলিয়াব পাৰে। বৰ্তমান দেশজুৰি SBIৰ ১৬,৫০০টা ATMত কাৰ্ডলেছ কেছ উলিওৱাৰ সুবিধা আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি