IIT বোম্বে চৌহদৰ কেণ্টিনৰ এজন কৰ্মীক হোষ্টেলৰ বাথৰুমত জুমি থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এগৰাকী মহিলা ছাত্ৰীয়ে তেওঁৰ হোষ্টেলৰ বাথৰুম (Hostel Bathroom)ৰ ডাক্টত তেওঁক প্ৰত্যক্ষ কৰি কৰ্তৃপক্ষক জনোৱাৰ পিছতে লগে লগে আটক হয় অভিযুক্তজনক। লোকজনে ডাক্ট পাইপত উঠিছিল বুলি অভিযোগ উত্থাপন হৈছে।
কীট-পতংগ নিয়ন্ত্ৰণৰ কামৰ বাবে IIT Bombayৰ কেণ্টিন বন্ধ কৰা বুলি জানিব পৰা গৈছে আৰু শ্ৰমিকসকল অৱশ্যে কেম্পাছত আছিল। ছাত্ৰীসকলে বাথৰুমত থকাৰ সময়তে কেণ্টিনৰ কৰ্মীজনে ছাত্ৰীৰ ভিডিঅ’ (Girl Student Video) কৰাৰো অভিযোগ উত্থাপন কৰিছে ছাত্ৰীসকলে।
কৰ্তৃপক্ষই এক আনুষ্ঠানিক বিবৃতিত কয় যে, “হোষ্টেল ভৱনৰ কিছুমান বাথৰুমত খিৰিকী আছে যিবোৰ প্লেটফৰ্ম সদৃশ এলেকাৰ ফালে মুখ কৰি আছে য'ত তলৰ মহলাৰ পৰা পাইপ সংলগ্ন আছে।” কেম্পাছত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰা হৈছে।
চণ্ডীগড় বিশ্ববিদ্যালয় (Chandigarh University)ৰ ছাত্ৰ-ছাত্ৰীসকলে হোষ্টেলৰ বাথৰুমৰ পৰা ছাত্ৰীৰ ভিডিঅ’ লিক হোৱাৰ অভিযোগত প্ৰতিবাদ কৰাৰ কিছু সময়ৰ পাছতে এই ঘটনা সংঘটিত হৈছে। ছাত্ৰীসকলে অভিযোগ কৰিছিল যে কমেও ৬০ গৰাকী ছাত্ৰী অসন্মতিক্ৰমে ভিডিঅ’ টেপিঙ (videotapping)ৰ বলি হৈছে। কিন্তু আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তগৰাকীয়ে কেৱল নিজৰ ভিডিঅ’হে প্ৰেমিকলৈ প্ৰেৰণ কৰিছিল। এই গোচৰত এতিয়ালৈকে ৩জনক গ্ৰেপ্তাৰ কৰা হৈছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 20, 2022, 20:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।