ভাৰতক বিশ্বৰ শৰণাৰ্থী ৰাজধানী হ’বলৈ নিদিও, SCত NRC প্ৰকাশৰ সময়সীমা বৃদ্ধিৰ বাবে কেন্দ্ৰৰ যুক্তি

News18-Assam
Updated:July 19, 2019, 3:55 PM IST
ভাৰতক বিশ্বৰ শৰণাৰ্থী ৰাজধানী হ’বলৈ নিদিও, SCত NRC প্ৰকাশৰ সময়সীমা বৃদ্ধিৰ বাবে কেন্দ্ৰৰ যুক্তি
কেন্দ্ৰৰ দাবী এনআৰচিত বক্ৰপথেৰে ৫লাখ শৰণাৰ্থীয়ে নাম সোমোৱাইছে।

কেন্দ্ৰৰ দাবী এনআৰচিত বক্ৰপথেৰে ৫লাখ শৰণাৰ্থীয়ে নাম সোমোৱাইছে।

  • Share this:
চূড়ান্ত এনআৰচিৰ সময়সীমা বৃদ্ধিক লৈ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ যুক্তি, ভাৰতক বিশ্বৰ শৰণাৰ্থী শিবিৰ হ’বলৈ নিদিও। কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ত জনায়,  ৫লাখ অনুপ্ৰৱেশকাৰীয়ে নাম সুমুৱাইছে NRCত। বক্ৰ পথেৰে NRC নাম সোমোৱাইছে সেইসকল লোকে। বক্ৰ পথেৰে নাম সোমোৱাসকল অসমৰ সীমামূৰীয়া জিলাৰ। কেন্দ্ৰৰ যুক্তি ভাৰতক বিশ্বৰ শৰণাৰ্থী শিবিৰ হ'ব নিদিও। সেয়ে NRC প্ৰকাশৰ সময়সীমা সলনি কৰিব লাগে। উচ্চতম ন্যায়ালয়ত এই আৰ্জি কেন্দ্ৰীয় চৰকাৰৰ।
NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাইও বিচাৰিছে চূড়ান্ত NRC প্ৰকাশৰ আন এটা দিন। ৩১জুলাইৰ পৰিৱৰ্তে চূড়ান্ত NRC প্ৰকাশৰ দিন ধাৰ্য কৰিব লাগে ৩০আগষ্ট।
দাবী আৱেদনৰ শুনানি দীঘলীয়া হৈছে। সেয়ে চূড়ান্ত NRC প্ৰকাশৰ দিন পিছুৱাব লাগে। উচ্চতম ন্যায়ালয়ত এই আৱেদন প্ৰতীক হাজেলাৰ। উল্লেখযোগ্য যে এনআৰচিৰ সময়সীমা বৃদ্ধিক লৈ ২৩জুলাইত হ’ব পৰৱৰ্তী শুনানি।
আৰু চাওক
পৰৱৰ্তী বাতৰি